মণিপুৰ

কণমানি ভগ্নীক কোলাত লৈ প্ৰতিদিনে স্কুললৈ যায় তাই, আহক জানো ১২ বছৰীয়া ছোৱালীজনীৰ কাহিনী…

এজনী ১২ বছৰীয়া ছোৱালী।

ছ’চিয়েল মিডিয়াত সম্প্ৰতি চৰ্চাৰ কাৰণ হৈ পৰিছে ছোৱালীজনী।

আছে তাইৰ প্ৰবল ইচ্ছাশক্তি, বুকত অদম্য সাহস। নাম তাইৰ মেইনিংচিনলিউ পামেই। ঘৰ মণিপুৰত।

আৰ্থিক অনাটনত জুৰুলা মেইনিংচিনলিউৰ পৰিয়াল।

খেতিৰ সৈতে জড়িত তাইৰ পিতৃ–মাতৃ। ঘৰতে এৰি যায় দুই সন্তানক।

437

এনে অৱস্থাত কণমানি ভগ্নীৰ চোৱাচিতাৰ দায়িত্ব পৰে মেইনিংচিনলিউৰ ওপৰত। তথাপি তাই দৃঢ়মনা। তাই স্কুল যাবই।

সেয়ে কোলাত কণমানি ভগ্নীক লৈ শিক্ষা গ্ৰহণ কৰিবলৈ প্ৰতিদিনে স্কুললৈ য়ায় তাই।

তাইৰ এই ফটো সম্প্ৰতি ভাইৰেল হৈ পৰিছে ছচিয়েল মিডিয়াত।

আনকি মণিপুৰৰ কেবিনেট মন্ত্ৰী বিশ্বজিত সিঙে ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে এই কণমানিগৰাকীৰ এখন বিশেষ ফটো।

ফটোত স্কুলত শিক্ষা গ্ৰহণ কৰি থকা অৱস্থাত মেইনিংচিনলিউৰ কোলাত কণমানি ভগ্নীয়ে শুই থকা দেখিবলৈ পোৱা গৈছে।

মেইনিংচিনলিউৰ শিক্ষাৰ প্ৰতি থকা এই আগ্ৰহৰ বাবে স্নাতকপৰ্যন্ত তাইৰ শিক্ষাৰ দায়িত্ব গ্ৰহণ কৰিছে কেবিনেট মন্ত্ৰী বিশ্বজিত সিঙে।

ইয়াৰ পিছতে সকলোৱে এতিয়া মেইনিংচিনলিউৰ উজ্বল ভৱিষ্যত কামনা কৰিছে।

লগতে চাওকঃ

এগৰাকী মহিলাৰ বিশেষ তৎপৰাত নিশ্চিত দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল যাত্ৰীবাহী ৰে’ল

G1 4

Leave a Reply

Your email address will not be published. Required fields are marked *