ৰাষ্ট্ৰীয়

সাধাৰণ জনতাৰ মূৰত ৰামটাঙোন, ২৫০ টকাকৈ বৃদ্ধি কৰা হ’ল ৰন্ধন গেছৰ মূল্য

সাধাৰণ জনতাৰ মূৰত ৰামটাঙোন চৰকাৰৰ।

বৃহস্পতিবাৰৰ পৰা বৃদ্ধি হয় ব্যাৱসায়িক ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য।

একেকোবে ২৫০ টকাকৈ বৃদ্ধি কৰা হ’ল ৰন্ধন গেছৰ মূল্য।

১৯ কিলোগ্ৰামৰ ব্যাৱসায়িক চিলিণ্ডাৰৰ দাম ২৫০ টকাকৈ বৃদ্ধিৰ সিদ্ধান্ত লৈছে কেন্দ্ৰীয় চৰকাৰে।

আজিৰে পৰা কাৰ্যকাৰী হ’ব এই নতুন নিৰিখ।

এতিয়াৰে পৰা প্ৰতিটো বাণিজ্যিক চিলিণ্ডাৰৰ দাম হ’ব ২২৫৩ টকা।

উল্লেখ্য যে, পেট্ৰ’ল-ডিজেলৰ লগতে কিছুদিন পূৰ্বে চৰকাৰে প্ৰতিটো ঘৰুৱা চিলিণ্ডাৰৰো মূল্য ৫০ টকাকৈ বৃদ্ধি কৰিছিল।

ইন্ধনৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিয়ে বেয়াকৈ ৰামটাঙোন সোধাইছে সাধাৰণ জনতাৰ মূৰত।

Leave a Reply

Your email address will not be published. Required fields are marked *