অসম

আমি যদি গণতন্ত্ৰ ধ্বংস কৰিছো… কংগ্ৰেছৰ বিৰুদ্ধে সৰৱ মন্ত্ৰী পীযুষ হাজৰিকা

ৰাজ্যসভা নিৰ্বাচনত সংখ্যা গৰিষ্ঠতা নথকা স্বত্বেও বৃহৎ জয়লাভ কৰিবলৈ সক্ষম হ’ল বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী।

কংগ্ৰেছ-এআইইউডিএফৰ সংঘাতৰ মাজত বিজেপি মিত্ৰজোঁটৰ জয়ে বিৰোধী শিৱিৰৰ প্ৰত্যেকগৰাকী বিধায়কৰ ভোটৰ ওপৰত সন্দেহৰ সৃষ্টি কৰিছে।

নিৰ্বাচনত বিধায়ক কিনা বেচাৰ ৰাজনীতিৰে বিজেপিয়ে গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ তুলিছে বিৰোধীয়ে। এই সন্দৰ্ভত শেহতীয়াকৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰে মন্ত্ৰী পীযুষ হাজৰিকাই।

সংবাদ মাধ্যমৰ সন্মুখত পীযুষ হাজৰিকাই প্ৰত্যাভিযোগ কৰি কয় যে কংগ্ৰেছেৰে হাজাৰ বাৰ গণতন্ত্ৰ ধ্বংস কৰিছে। বিজেপিয়ে যদি গণতন্ত্ৰ ধ্বংস কৰিছে, তেন্তে কংগ্ৰেছে হাজাৰ হাজাৰ বাৰ অসম বিধানসভা ধ্বংস কৰিছে। কংগ্ৰেছৰ পৰা গণতন্ত্ৰ ৰক্ষাৰ পাঠৰ প্ৰয়োজন নাই বুলিও মন্তব্য কৰে পীযুষ হাজৰিকাই।

মন্ত্ৰীজনে লগতে কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভাল কাম কৰিছে নে নাই সেয়া ৰাইজে দেখিছে। অসমৰ ৮০ শতাংশ জিলাৰ পৰা AFSPA প্ৰত্যাহাৰ কৰা হ’ল।

মুখ্যমন্ত্ৰীয়ে হিটলাৰী ৰাজ চলাইছে নে ভাল কাম কৰিছে সেয়া ৰাইজে বিচাৰ কৰিছে বুলিও মন্তব্য কৰে মন্ত্ৰী পীযুষ হাজৰিকাই।

Leave a Reply

Your email address will not be published. Required fields are marked *