অসমঅসমীয়া

তীব্ৰবেগী বাহনৰ খুন্দাত হাতী পোৱালিৰ মৃত্যু, মাউতসহ গুৰুতৰভাৱে আহত ৩ জন

নিউজ ডেস্ক। বৃহস্পতিবাৰে সন্ধিয়া প্ৰায় ৭:৩০ বজাত ধেমাজি জিলাৰ চিচিবৰগাঁওত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এক পথ দুৰ্ঘটনাত এটা হাতী পোৱালীৰ কৰুণ মৃত্যু ঘটে।

জানিব পৰা মতে, চিলাপথাৰৰ পৰা ডিমৌলৈ আহি থকা অৱস্থাত এখন বিলাসী বাহনে নিয়ন্ত্ৰণ হেৰুৱাই মাক তথা মাউতৰ লগত আহি থকা এটা হাতী পোৱালীক পিছফালৰ পৰা জোৰেৰে মহটিয়াই লৈ যায়। ফলত হাতীৰ পোৱালীটো থিতাতে নিহত হয় ।

G6

দুর্ঘটনাগ্রস্ত বাহনখনৰ নম্বৰ হ’ল এ এছ-০৬ এম ৮১২৮।

এই দুৰ্ঘটনাত হাতীৰ সৈতে যোৱা তিনিজনকৈ লোক এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয়।

ইয়াৰে দুজনৰ অৱস্থা সংকটজনক। তেওঁলোকক ততাতৈয়াকৈ চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হয়।

ইপিনে, দুর্ঘটনাগ্রস্ত গাড়ীখনত অহা ডিব্ৰুগড় জ্যোতি নগৰৰ অংকিত বৰঠাকুৰ (২৮)ক চিলাপথাৰ মডেল হাস্পতালত ভৰ্তি কৰোৱা হয়।

মাইকী হাতীজনী এই দুৰ্ঘটনাটোৰ পিছৰে পৰা সন্ধানহীন হৈ পৰে।

নিৰুদ্দেশ হৈ থকা হাতীজনীৰ সন্দৰ্ভত মালিক পক্ষই ইতিমধ্যে বন বিভাগৰ লগত যোগাযোগ কৰিছে আৰু যথাযথ ব‍্যৱস্থা গ্ৰহণ কৰি হাতীজনী উদ্ধাৰ কৰিবলৈ আহ্বান জনাইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *