ৰাষ্ট্ৰীয়অসমীয়া

অঘটন! উৰণৰ প্ৰাক মুহূৰ্তত লাইটৰ প’ষ্টত খুন্দা স্পাইছজেটৰ বিমানৰ

নিউজ ডেস্ক। সোমবাৰে স্পাইচজেটৰ এখন বিমানে উৰণৰ প্ৰাকমুহূৰ্তত দিল্লী বিমানবন্দৰত এটা বৈদ্যুতিক খুঁটাত খুন্দিয়াই ক্ষতিগ্ৰস্ত হয়।

অৱশ্যে সৌভাগ্যক্ৰমে এই ঘটনাত কোনো যাত্ৰী আঘাতপ্ৰাপ্ত হোৱা নাই।

G03 2

প্ৰাপ্ত তথ্য অনুসৰি, সোমবাৰে পুৱা দিল্লী বিমানবন্দৰত উৰণৰ প্ৰাকমুহূৰ্তত ৰানৱে’লৈ নি থকা অৱস্থাত বিমানখন অলপ পিছুৱাই নিয়াৰ সময়তে বিমানখনে বৈদ্যুতিক খুঁটাত খুন্দা মাৰে।

এক বিবৃতি যোগে, অসামৰিক বিমান পৰিবহন সঞ্চালকালয়ে (ডিজিচিএ) যাত্ৰীসকলৰ কোনো আঘাত হোৱা নাই বুলি জানিবলৈ দিছে আৰু ঘটনাটোৰ সম্পৰ্কে তদন্ত আৰম্ভ কৰা বুলি প্ৰকাশ কৰে।

G04 2

উল্লেখযোগ্য যে স্পাইচজেটৰ ব’য়িং ৭৩৭-৮০০ বিমানখন সোমবাৰে পুৱা ৯.২০ বজাত দিল্লীৰ পৰা জম্মু লৈ ৰাওনা হোৱাৰ কথা আছিল।

অৱশ্যে এই ঘটনাৰ পিছত অন্য এখন বিমানেৰে যাত্ৰীসকলক জম্মু অভিমুখে কঢ়িয়াই লৈ যোৱাৰ ব‍্যৱস্থা কৰা হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *