অসমঅসমীয়া

দাম বঢ়া নাই, বিৰোধীয়ে ক’ব লাগে কাৰণেহে কৈছেঃ বিধায়ক ফণী তালুকদাৰৰ

নিউজ ডেস্ক। দাম বঢ়া নাই। বিৰোধীয়ে ক’ব লাগেহে কৈছে দাম বঢ়া বুলি।

-এইবাৰ মূল্যবৃদ্ধিৰ সপক্ষত মাত মাতিলে ফনীধৰ তালুকদাৰে। বস্তুৰ দাম বৃদ্ধি অসমৰ ওপৰত নিৰ্ভৰ নকৰে বুলি মন্তব্য কৰে বিজেপি বিধায়কজনে।

ৰাষ্ট্ৰীয় বিশ্লেষণৰ ওপৰত ভিত্তি কৰি সামগ্ৰীৰ মূল্য নিৰ্ধাৰণ কৰা হয় বুলি মন্তব্য কৰি বিধায়কজনে কয় যে অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধি হোৱা নাই। বিৰোধীয়ে এনেয়েহে দাম বঢ়া বুলি কৈ আছে।

1 17

সাংবাদিক সৈতে বাৰ্তালাপ কৰি একালৰ এআইইউডিএফ আৰু বৰ্তমানৰ বিজেপি বিধায়কজনে কয় যে যি অলপ অচৰপ দাম বাঢ়িছে, সেয়া স্বাভাৱিক। একেদিনাই দাম বৃদ্ধি নহয়। লাহে লাহে মূল্য কমিবও।

আনহাতে নেমু টেঙাৰ মূল্য বৃ্দ্ধি সন্দৰ্ভত ফণীধৰ তালুকদাৰে কয় যে বৰ্তমান সময়ত পানী নাপায় বাবে নেমুৰ উৎপাদন হ্ৰাস পায়, সেয়েহে দাম বৃদ্ধি হৈছে।

ব’হাগৰ পিছত নেমু টেঙা খেতিয়কে পেলাই দিব লাগিব বুলিও মন্তব্য কৰে তালুকদাৰে।

ইয়াৰোপৰিও মিঠাতেলৰ দাম বৃদ্ধি প্ৰসংগতো নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে বিধায়কজনে। তেওঁ কয় যে অসমত এতিয়া সৰিয়হৰ খেতি বৃদ্ধি পাইছে। লাহে লাহে মিঠাতেলৰ দামো হ্ৰাস পাব।

প্ৰণিধানযোগ্য যে, পেট্ৰ’ল-ডিজেল, ৰন্ধন গেছকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ অভাৱনীয় মূল্যবৃদ্ধিয়ে জ্বলাকলা খুৱাইছে সাধাৰণ জনতাক।

বজাৰত লগা মূল্যবৃদ্ধিৰ জুই কুৰাই সাধাৰণ জনতাক বিপাঙত পেলোৱাৰ সময়ত এতিয়া শাসকীয় দলৰ নেতা-মন্ত্ৰী-বিধায়ক নামি পৰিছে মূল্যবৃদ্ধিৰ সপক্ষত যুক্তি প্ৰদৰ্শনত।

ইয়াৰ পূৰ্বেও প্ৰাক্তন বিধায়কা আঙুৰলতা ডেকা, মৃণাল শইকীয়া, দিগন্ত কলিতাৰ দৰে শাসকীয় দলৰ বিধায়কে মূল্য বৃদ্ধিক লৈ টুলুঙা মন্তব্য কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *