অসম

ৰিপুণ বৰাৰ ৰাজনীতি জীৱন শেষ, ৰিপুণ বৰাক প্ৰতিশোধ ল’ব একাংশ বিধায়কেঃ ৰূপজ্যোতি কুৰ্মী

ৰিপুণ বৰাৰ ৰাজনীতি জীৱন শেষ, ৰিপুণ বৰাক প্ৰতিশোধ ল’ব একাংশ বিধায়কে।

সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰিছে মৰিয়নি সমষ্টিৰ বিধায়ক তথা ন বিজেপি ৰূপজ্যোতি কুৰ্মীয়ে।

কুৰ্মীয়ে কয়- ৰিপুণ বৰাৰ ৰাজনৈতিক জীৱন শেষ। ৰিপুণ বৰা সভাপতি থাকোতে বহু কংগ্ৰেছ বিধায়কক বহু দুখ দিছে। এ আই ইউ ডি এফ বা অন্য দলৰ দৰকাৰ নাই, কংগ্ৰেছৰ সেই বিধায়কসকলেই এতিয়া প্ৰতিশোধ ল’ব।

ৰূপজ্যোতি কুৰ্মীয়ে কয়, কাৰোবাক টিকট দিয়া নাছিল, প্ৰাৰ্থিত্ব দিয়া নাছিল, বহুত অন্যায় কৰিছিল। তাৰে প্ৰতিশোধ ল’ব কংগ্ৰেছৰে একাংশ বিধায়কে।

দুজন বা তিনিজন বিধায়কে প্ৰতিশোধ ল’ব, সেয়াই যথেষ্ট, বেলেগ দৰকাৰ নাই। কংগ্ৰেছ এতিয়া দুজনমান নেতাৰ কাৰণে ডুবন্ত নাও হৈ পৰিছে, এই দুজনমান নেতাৰ নাম পিছত ক’ম।-ৰূপজ্যেতিৰ মন্তব্য।

লগতে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী সন্দৰ্ভত তেওঁ কয়- বিশ্বজিৎ দৈমাৰী এজন শান্ত তথা দক্ষ ব্যক্তি। অসমবাসী ৰাইজ আৰু অসম বিধান সভা সৌভাগ্যবান যে, তেওঁৰ দৰে এজন আমি অধ্যক্ষ পাইছো।

লগতে বিৰোধীয়ে এনকাউণ্টাৰ সন্দৰ্ভত প্ৰশ্ন কৰি অপৰাধ আৰু অপৰাধীক সহায় কৰিছে বুলি মন্তব্য কৰে ৰূপজ্যোতি কুৰ্মীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *