ৰাষ্ট্ৰীয়

IPLত মুম্বাই ইণ্ডিয়ানছৰ প্ৰথমখন খেলতে ৰোহিত শৰ্মাক ১২লাখ টকাৰ জৰিমণা…

IPLত মুম্বাই ইণ্ডিয়ানছৰ প্ৰথমখন খেলতে ৰোহিত শৰ্মাক জৰিমনা।

১২ লাখ টকাৰ জৰিমনা মুম্বাই ইণ্ডিয়ানছৰ অধিনায়কজনক।

দিল্লী কেপিটেলছৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছিল মুম্বাই ইণ্ডিয়ানছ।

মুম্বাই ইণ্ডিয়ানছে আই পি এল ২০২২ ৰ প্ৰথমখন খেলত দিল্লী কেপিটেলছৰ হাতত পৰাজিত হৈছে।

এই পৰাজয়ৰ সৈতে, দলটোৱে আন এক আঘাতৰ সন্মুখীন হৈছে।

খেলখনত মুম্বাইৰ অধিনায়ক ৰোহিত শৰ্মাক তেওঁৰ লেহেমীয়া গতিৰ অভাৰৰ বাবে ১২ লাখ টকাৰ জৰিমনা বিহা হৈছে।

খেলৰ সময়ত লেহেমীয়া অভাৰ-ৰেট বজাই ৰখাৰ বাবে মুম্বাই ইণ্ডিয়ানছক জৰিমনা বিহা হৈছে বুলি আই পি এলে এক প্ৰেছ বিজ্ঞপ্তিত সদৰি কৰিছে।

উল্লেখ্য যে, মুম্বাইয়ে প্ৰথমে বেটিং কৰিছিল আৰু ১৭৮ ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিল।

 ইয়াৰ প্ৰত্যুত্তৰত দিল্লীৰ দলটোৱে ১৮.২ অভাৰত ৬ টা উইকেট হেৰুৱাই মেচখনত জয়লাভ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *