অসম

একেৰাহে ষষ্ঠ দিনাও বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্য, আজি কিমান বাঢ়িল…?

সাধাৰণ জনতাৰ মূৰত মাধমাৰ সোধাই আজিও বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্য।

প্ৰতিদিনে বৃদ্ধি পাবলৈ লৈছে পেট্ৰ’ল-ডিজেলৰ মূল্য।

একেৰাহে আজিও অৰ্থাৎ ষষ্ঠ দিনাও বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্য।

আজি প্ৰতিলিটাৰ পেট্ৰ’লত ৩৩ পইচা বৃদ্ধি পোৱাৰ বিপৰীতে প্ৰতিলিটাৰ ডিজেলত ৩৭ পইচাকৈ বৃদ্ধি পায়।

আজি গুৱাহাটীত পেট্ৰ’লৰ দাম ৯৯ টকা আৰু ডিজেলৰ দাম ৮৫,১৬ টকা।

আনহাতে পেট্ৰ’লৰ মূল্যই ৰাজ্যৰ বহু স্থানত ইতিমধ্যে শতকৰ ঘৰ অতিক্ৰম কৰিছে।

উল্লেখ্য যে, চলিত সপ্তাহত ৰাজ্যত ৬ বাৰকৈ বৃদ্ধি পালে ইন্ধনৰ মূল্য।

যোৱা ৬ দিনত পেট্ৰ’লত ৩ টকা ৫৭ পইচা মূল্যবৃদ্ধি হৈছে।

২২ মাৰ্চৰ পৰা সৰ্বমুঠ ডিজেলত বাঢ়িল ৩ টকা ১৮ পইচা।

Leave a Reply

Your email address will not be published. Required fields are marked *