অসম

মই জীয়াই থকালৈ অসমত AIUDF চৰকাৰ হ’ব নিদিওঃ ভৱেশ কলিতা…

সমাগত ৰাজ্যসভা নিৰ্বাচন।

ৰাজ্যসভা নিৰ্বাচনক লৈ সাজু হৈছে শাসক-বিৰোধী।

ইয়াৰ মাজতে ৰাজ্যসভাৰ নিৰ্বাচনত দুয়োখন আসনতে বিজেপি মিত্ৰজোটৰ প্ৰাৰ্থী জয়ী হ’ব বুলি মন্তব্য কৰি ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই।

তেওঁ কয়- ৰাজ্যসভাৰ নিৰ্বাচনত শাসক পক্ষৰ দুয়োখনতে জয় নিশ্চিত।

ইপিনে ৰাজ্যত ভৱিষ্যতে AIUDF-এ চৰকাৰ গঠন কৰি বুলি চৰ্চা চলি থকাৰ সময়তে ভৱেশ কলিতাই কৰিছে তাৎপৰ্যপূৰ্ণ মন্তব্য।

তেওঁ কয়- ‘মই জীয়াই থকালৈ অসমত AIUDF চৰকাৰ হ’ব নিদিও।’

ভৱেশ কলিতাই কয়, বিৰোধীয়ে ভোট দিলেও বিধয়ক পদ খাৰিজ নহয় বুলি অধ্যক্ষই কৈছে। অধ্যক্ষই কেতিয়াও পক্ষপাতিত্ব কৰা নাই, এয়া বিৰোধীৰ ভিত্তিহীন অভিযোগ। হুইপ জাৰি কৰিব নালাগে বিজেপিয়ে।’

গুৱাহাটী পৌৰ নিৰ্বাচনত ৬০টাতে আমাৰ মিত্ৰজোটৰ জয় হ’ব, কংগ্ৰেছ হাৰিব বুলি মন্তব্য কৰে ভৱেশ কলিতাই।

কলিতাই লগতে কয়- ‘অগপৰ সৈতে মিত্ৰতাৰে GMC নিৰ্বাচন খেলিম। মূল্যবৃদ্ধি সাম্প্ৰতিক পৰিস্থিতিৰ বাবে হৈছে। আকৌ কমি যাব। আমিও গ্ৰাহক হিচাপে অনুভব কৰিছো।’

Leave a Reply

Your email address will not be published. Required fields are marked *