NE

ভাল খবৰঃ টকিঅ’ পেৰা অলিম্পিকত ভাৰতৰ ভাৱিনা পেটেলৰ ৰূপৰ পদক লাভ…

টকিঅ’ৰ পৰা দেশবাসীলৈ আহিছে এক ভাল খবৰ।

টকিঅ’ পেৰা অলিম্পিকত মহিলা টেবুল টেনিছত ভাৰতৰ ৰূপৰ পদক লাভ।

ভাবিনাবেন পেটেলে অৰ্জন কৰিছে এই ৰূপৰ পদকটো।

অ’মেনছ ছিংগল ক্লাছ ৪ৰ ফাইনেলত চীনৰ খেলুৱৈ ঝাউ য়িঙৰ হাতত ভাৱিনাই ১১–৭, ১১–৫, ১১–৬ৰ ব্যৱধানত পৰাজিত হ’বলগীয়া হয়।

ভাৱিনা পেটেল পেৰা অলিম্পিকৰ খেলৰ ইতিহাসত ভাৰতৰ বাবে পদক জিকা দ্বিতীয়গৰাকী মহিলা।

ইয়াৰ পূৰ্বে দীপা মালিকে এই খেলত পদক লাভ কৰিছিল। দীপা মালিকে ২০১৬ চনত ৰিঅ’ পেৰা অলিম্পিকত জিকিছিল ৰূপৰ পদক।

উল্লেখযোগ্য যে ছেমি ফাইনেলত ভাৱিনাই বিশ্বৰ তৃতীয় স্থানৰ চীনা খেলুৱৈক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছিল।

খেলুৱৈগৰাকীক অভিনন্দন জ্ঞাপন কৰিছে ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *