ৰাষ্ট্ৰীয়অসমীয়া

দুটা দিনৰ বাবে স্থবিৰ হৈ পৰিব পাৰে বেংক সেৱা, দেশজুৰি ধৰ্মঘটৰ আহ্বান বেংক কৰ্মচাৰী সংঘৰ

নিউজ ডেস্ক। ২৮ আৰু ২৯ মাৰ্চত দুদিনৰ বাবে স্তব্ধ হৈ পৰিব পাৰে ভাৰতৰ বেংকিং সেৱা।

বেংকৰ কৰ্মচাৰী সংঘসমূহে ২৮ আৰু ২৯ মাৰ্চত দুদিনীয়া ধৰ্মঘটৰ আহ্বান জনোৱাৰ পৰিপ্ৰেক্ষিতত দেশৰ বেংক সেৱাৰ কাম-কাজ সীমিত হৈ পৰাৰ সম্ভাৱনা আছে।

ভাৰতীয় ষ্টেট বেংকে এক নিয়ামক ফাইলিঙত প্ৰকাশ কৰা মতে, বিভিন্ন কৰ্মচাৰী সংঘই ২৮ আৰু ২৯ মাৰ্চত ধৰ্মঘট কাৰ্যসূচী ৰূপায়নৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। যাৰ বাবে বেংকৰ নিয়মীয়া কাম-কাজত প্ৰভাৱ পৰিব পাৰে।

অৱশ্যে অইন দিনৰ দৰেই এই দুটা দিনতো বেংকসসূহ খোলা থাকিব বুলি জানিবলৈ দিয়ে এছবিআইয়ে।

এছবিআইয়ে কয় যে ইণ্ডিয়ান বেংক এছ’চিয়েশ্যন (আইবিএ)ৰ নেতৃত্বত অল ইণ্ডিয়া বেংক এমপ্লয়িজ এছ’চিয়েচন (এআইবিইএ), বেংক এমপ্লয়িজ ফেডাৰেচন অৱ ইণ্ডিয়া (বিইএফআই) আৰু অল ইণ্ডিয়া বেংক অফিচাৰ্ছ এছ’চিয়েশ্যনে (এআইবিঅ’এ) দেশজুৰি ধৰ্মঘট কাৰ্যসূচী ৰূপায়্ণ কৰাৰ সিদ্ধান্তৰ বিষয়ে জাননী প্ৰদান কৰিছে।

উল্লেখ্য যে, ৰাজহুৱা খণ্ডৰ বেংকসমূহৰ বেচৰকাৰীকৰণৰ চৰকাৰৰ পদক্ষেপ আৰু বেংকিং আইন সংশোধনী বিধেয়ক, ২০২১ৰ বিৰোধিতাৰে দুদিনীয়া দেশব্যাপী ধৰ্মঘটৰ আহ্বান জনাইছে কেইবাটাও কৰ্মচাৰী সংঘই।

আনহাতে এই সময়ছোৱাত কেন্দ্ৰীয় ট্ৰেড ইউনিয়নৰ এক যুটীয়া মঞ্চই শ্ৰমিক, কৃষক আৰু সাধাৰণ নাগৰিকক প্ৰভাৱিত কৰা চৰকাৰী নীতিৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ দেশজুৰি ভাৰত বন্ধৰ আহ্বান জনাইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *