আন্তঃৰাষ্ট্ৰীয়অসমীয়া

প্লাষ্টিক ব্যৱহাৰৰ ভয়ংকৰ পৰিণতি! মানুহৰ তেজত ধৰা পৰিছে প্লাষ্টিকৰ অতি ক্ষুদ্ৰকায় কণিকা…

নিউজ ডেস্ক। প্ৰতিদিনে প্লাষ্টিকৰ পলিথিন, বটল, খাদ্যৰ পেকেট ব্যৱহাৰৰ ভয়ংকৰ পৰিণতি!

মানৱ শৰীৰত এইবাৰ ধৰা পৰিছে প্লাষ্টিকৰ ক্ষুদ্ৰ কণিকা। জাৰ্নেল এনভাইনমেণ্ট ইণ্টাৰনেচনেলৰ এক গৱেষণাত পোহৰলৈ আহিছে এই বিস্ফোৰক তথ্য।

বিজ্ঞানভিত্তিক জার্নেল এনভাইনমেন্ট ইণ্টাৰনেচনেলত বিজ্ঞানীৰ এটা দলে প্ৰকাশ কৰা প্ৰতিবেদনত পোহৰলৈ আহিছে যে মানৱ শৰীৰত এতিয়া বিপজ্জনকভাৱে ধৰা পৰিছে প্লাষ্টিকৰ ক্ষুদ্ৰ ক্ষুদ্ৰ কণিকা।

1

তেজত মিহলি হৈ থকা এই প্লাষ্টিকৰ কণিকাৰ উপস্থিতিয়ে ভৱিষ্যতৰ বাবে এক ভয়ংকৰ বাৰ্তা কঢ়িয়াই আনিছে।

দীৰ্ঘদিন ধৰি বিজ্ঞানীৰ দলটোৱে চলোৱা গৱেষণাৰ পিছত এই প্লাষ্টিকৰ কণিকাৰ উপস্থিত ধৰা পৰিছে।

বিজ্ঞানীৰ দলটোৱে প্ৰকাশ কৰা মতে, মানুহে নিতৌ ব্যৱহাৰ কৰা প্লাষ্টিকৰ বটল, পলিথিন, চিপছ আদিৰ পেকেট, প্লাষ্টিকৰ পুতলা আদিৰ বাবে লাহে লাহে প্লাষ্টিকৰ ক্ষুদ্ৰ কণিকাই মানুহৰ তেজত অৱস্থিতি ল’বলৈ আৰম্ভ কৰিছে।

2 edited

তেজৰ নমুনাত বিজ্ঞানীৰ দলটোৱে পলি ইথিলিন টেফেথালেড (পিইটি), পলি ইথিলিন আৰু চিৰিনৰ পলিমাৰৰ লেখীয়া সবাতোকৈ সাধাৰণ প্লাস্টিক লাভ কৰিছে।

আমষ্টাৰডামৰ ব্রিজে ইউনিভাৰ্চিটীৰ ইক’টক্সিক ছজিষ্ট হিডাৰ লেছলিৰ নেতৃত্বত গবেষক বিজ্ঞানীৰ দলটোৱে মানৱ জাতিৰ বাবে বিপজ্জনক প্লাষ্টিকৰ ক্ষুদ্র কণিকা মানৱদেহৰ তেজত উপলব্ধ হোৱাটো নিশ্চিত কৰাৰ পিছত এতিয়া বিশ্বজুৰি উদ্বিগ্নতা বৃদ্ধি পাইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *