ৰাষ্ট্ৰীয়অসমীয়া

ইউক্ৰেইনত প্ৰাণ হেৰুওৱা ভাৰতীয় ছাত্ৰ নবীনৰ মৃতদেহ মেডিকেল কলেজলৈ দান পৰিয়ালৰ

নিউজ ডেস্ক। ৰাছিয়া-ইউক্ৰেইনৰ মাজতে প্ৰাণ হেৰুওৱা ভাৰতীয় ছাত্ৰ নবীন শেখৰপ্পাৰ মৃতদেহ কৰ্ণাটকৰ এছ এছ মেডিকেল কলেজলৈ দান কৰিলে পৰিয়ালৰ লোকে।

চিকিৎসক হোৱাৰ সপোন দেখি ইউক্ৰেইনলৈ অধ্যয়ন কৰিবলৈ যোৱা নবীনৰ ইউক্ৰেইনৰ খাৰকীভত ৰাছিয়াৰ গুলীবৰ্ষণত মৃত্যু ঘটিছিল।

ছাত্ৰজনৰ মৃতদেহ সোমবাৰে পুৱা বিমানযোগে কৰ্ণাটকৰ বাংগালুৰুলৈ অনাৰ পিছতে তাৰ পৰা স্বগৃহ হাভেৰীলৈ লৈ যোৱা হয়।

FMxobe6X0Akz0xo edited

খাৰকীভ নেছনেল মেডিকেল ইউনিভাৰ্চিটিৰ অন্তিম বৰ্ষৰ মেডিকেলৰ ছাত্ৰ নবীন শেখৰাপ্পাই মৃত্যুৱে শোকস্তব্ধ কৰি তোলে সমগ্ৰ ৰাজ্য।

স্বগৃহলৈ অনাৰ পিছতে হিন্দু বীৰশৈৱ লিঙ্গায়ত পৰম্পৰা অনুসৰি শেষকৃত্য সম্পন্ন কৰা হ’ব নবীনৰ নশ্বৰ দেহৰ। তেওঁৰ শেষকৃত্য অনুষ্ঠানত মুখ্যমন্ত্ৰী বাসৱৰাজ বোম্বাও উপস্থিত থাকে।

FOV0wduVgAEgy5o

কৰ্ণাটকৰ এছ এছ মেডিকেল কলেজলৈ নবীনৰ নশ্বৰ দেহ দান কৰি পিতৃ শেখৰপ্পা গিয়াংগুড়াই কয় যে সৰুৰে পৰা চিকিৎসক হোৱাৰ ইচ্ছা কৰিছিল নবীনে। কিন্তু ভাৰতৰ চিকিৎসা মহাবিদ্যালয়ত আসন লাভ নকৰাৰ পৰিপ্ৰেক্ষিতত অধ্যয়নৰ বাবে ইউক্ৰেইনলৈ ঢাপলি মেলিছিল।

অতি বিনয়ী স্বভাৱৰ মেধাৱী ছাত্ৰজনৰ এনে অকাল মৃত্যুত ভাগি পৰিছে পৰিয়ালটো। নবীনৰ চিকিৎসক হোৱাৰ সপোন পূৰণ নহ’লেও তেওঁৰ শৰীৰ দান কৰি আনক কিছু হ’লেও উপকৃত কৰাৰ মানসিকতাৰে এই সিদ্ধান্ত লোৱা হৈছে বুলি মন্তব্য কৰে পিতৃ শেখৰপ্পা গিয়াংগুড়াই।

উল্লেখ্য যে, ইউক্ৰেইনৰ যুদ্ধ পৰিস্থিতিত অন্য ভাৰতীয় ছাত্ৰৰ সৈতে আৱদ্ধ হৈ পৰিছিল নবীন শেখৰাপ্পাও।

২১ বছৰীয়া ছাত্ৰজনে খাৰকীভৰ এটা বাংকাৰত আশ্ৰয় লৈ আছিল। যোৱা ১ মাৰ্চত তেওঁ খাদ্যৰ সন্ধানত বাংকাৰৰ পৰা ওলাই অহাৰ সময়তে ৰাছিয়ান মিছাইল আক্ৰমণত প্ৰাণ হেৰুৱায় নবীন শেখৰাপ্পাই।

লগতে চাওকঃ

পত্নীয়ে মটন কাৰী নবনোৱাৰ বাবেই ১০০ ডায়েল কৰি আৰক্ষীক অভিযোগ, তাৰ পিছত ঘটিল এই ঘটনা…

G1 36

Leave a Reply

Your email address will not be published. Required fields are marked *