অসম

পুনৰ সাধাৰণ জনতাৰ মূৰত ৰামটাঙোন, ১ এপ্ৰিলৰ পৰা বৃদ্ধি পাব বিদ্যুতৰ মাচুল…

পুনৰ সাধাৰণ জনতাৰ মূৰত ৰামটাঙোন চৰকাৰৰ।

ৰাজ্যত ১ এপ্ৰিলৰ পৰা বৃদ্ধি পাব বিদ্যুতৰ মাচুল।

প্ৰতি ইউনিটত ৫৯ পইচাকৈ বৃদ্ধি বিদ্যুতৰ মাচুল।

মাচুল বৃদ্ধিত অনুমতি বিদ্যুৎ মাচুল নিয়ামক আয়োগৰ।

ৰাজহ ঘাটি পূৰণ কৰিবলৈ গ্ৰহণ কৰা হৈছে বিদ্যুতৰ মাচুল বৃদ্ধিৰ এই সিদ্ধান্ত।

p5 7
UBPhotos

বৈদ্যুতিক নিয়ামক আয়োগৰ অধ্যক্ষ সঞ্জয় কৃষ্ণই সদৰি কৰিছে এই কথা।

উল্লেখ্য যে, ক’ভিডৰ বাবে যোৱা দুটা বছৰত লোকচানৰ সন্মুখীন হৈছিল ৭৮০ কোটি টকাৰ। ১৯১ কোটি টকাৰ ৰাজহ লোকচান বিদ্যুৎ বিভাগৰ।

২০১৯-২০ বৰ্ষত বন্ধ আছিল কপিলী, কাৰ্বি লাংপি প্ৰকল্প। দুয়োটা প্ৰকল্প বন্ধ থকাত অধিক দামত ক্ৰয় কৰিব লগা হৈছিল বিদ্যুৎ।

৫৪৬ কোটি টকাৰ ৰাজহ সংগ্ৰহৰ লক্ষ্যৰে বৃদ্ধি কৰা হৈছে বিদ্যুতৰ মাচুল।

লগতে চাওকঃ

পত্নীয়ে মটন কাৰী নবনোৱাৰ বাবেই ১০০ ডায়েল কৰি আৰক্ষীক অভিযোগ, তাৰ পিছত ঘটিল এই ঘটনা…

G1 36

Leave a Reply

Your email address will not be published. Required fields are marked *