নাগালেণ্ড

ৰাজ্যসভা নিৰ্বাচনৰ বাবে নাগালেণ্ডৰ বিজেপি প্ৰাৰ্থী ঘোষণা, ফাংনোন কন্যাকক প্ৰাৰ্থিত্ব প্ৰদান…

ৰাজ্যসভা নিৰ্বাচনৰ বাবে নাগালেণ্ডৰ একমাত্ৰ আসনৰ বাবে বিজেপি প্ৰাৰ্থী ঘোষণা।

ফাংনোন কন্যাকক একমাত্ৰ ৰাজ্যসভা আসনখনৰ বাবে প্ৰদান কৰা হৈছে প্ৰাৰ্থিত্ব।

ফাংনোন কন্যাক বৰ্তমান নাগালেণ্ড বিজেপিৰ ৰাজ্যিক মহিলা মৰ্চাৰ সভানেত্ৰী।

৩১ মাৰ্চত অসমৰ দুখন আসনৰ লগতে নাগালেণ্ডৰ একমাত্ৰ আসনখনৰ বাবেও অনুষ্ঠিত হ’ব নিৰ্বাচন।

অৱশ্যে এতিয়াও মনোনয়ন পত্ৰ দাখিল কৰা নাই কন্যাকে।

উল্লেখ্য যে, ফাংনোন কন্যাক ৰাজ্যসভালৈ নিৰ্বাচিত হ’লে তেওঁ হ’ব নাগালেণ্ডৰ প্ৰথমগৰাকী মহিলা ৰাজ্যসভাৰ সাংসদ।

আনহাতে, নাগালেণ্ড বিধানসভালৈও এইপৰ্যন্ত কোনো মহিলা বিধায়িকা হিচাপে নিৰ্বাচিত হোৱা নাই।

Leave a Reply

Your email address will not be published. Required fields are marked *