আন্তঃৰাষ্ট্ৰীয়অসমীয়া

কানাডাত ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু ৫ ভাৰতীয় ছাত্ৰৰ

নিউজ ডেস্ক। সুদুৰ কানাডাত এক ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে ৫ জনকৈ ভাৰতীয় ছাত্ৰই।

কানাডাৰ অণ্টাৰিঅ’ পথত সংঘটিত দুৰ্ঘটনাটোত ভাৰতীয় ছাত্ৰ কেইজনৰ মৃত্যু ঘটা বুলি সদৰী কৰিছে কানাডাৰ আৰক্ষীয়ে।

2 10 780x470 1

দ্য’ কানাডিয়ান প্ৰেছৰ বাতৰি অনুসৰি, দক্ষিণ অণ্টাৰিঅ’ৰ কুইণ্টেষ্ট চহৰৰ ৪০১নং ঘাইপথত শনিবাৰে এখন যাত্ৰীবাহী ভান আৰু ট্ৰেক্টৰ ট্ৰেইলাৰৰ মাজত মুখামুখি সংঘৰ্ষ হয়।

কুইণ্টেষ্ট ৱেষ্টৰ অণ্টাৰিঅ’ প্ৰভিন্সিয়েল পুলিচে এক বিবৃতিত প্ৰকাশ কৰা মতে, এই দুৰ্ঘটনাত নিহত ভাৰতীয় ছাত্ৰ কেইজনক হৰপ্ৰীত সিং, জছবিন্দৰ সিং, কৰণপাল সিং, মোহিত চৌহান আৰু পৱন কুমাৰ বুলি চিনাক্ত কৰা হৈছে। দুৰ্ঘটনাটোত আন দুজন লোকো গুৰুতৰভাৱে আহত হয়।

FNwRj8SX0A42ERc

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, নিহত আটাইকেইজন ভাৰতীয় যুৱকেই ২১ৰ পৰা ২৪ বছৰ বয়সৰ। তেওঁলোক সকলো গ্ৰেটাৰ ট’ৰণ্টো আৰু মণ্ট্ৰিয়েল অঞ্চলৰ শিক্ষাৰ্থী আছিল।

image

কানাডাত ভাৰতৰ উচ্চায়ুক্ত অজয় বিছাৰিয়াই দুৰ্ঘটনাক লৈ শোক ব্যক্ত কৰিছে।

ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰেও টুইটযোগে ভাৰতীয় যুৱক কেইজনৰ মৃত্যুত শোক প্ৰকাশ কৰিছে।

লগতে চাওকঃ

হায়দৰাবাদত পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে ছুইগীত কৰ্মৰত অসমৰ অমৰ ৰাভাই

G8 3

Leave a Reply

Your email address will not be published. Required fields are marked *