ৰাষ্ট্ৰীয়

জম্মু-কাশ্মীৰত পুনৰ নিৰাপত্তাৰক্ষী বাহিনীৰে সংঘৰ্ষত নিহত অচিনাক্ত সংগঠনৰ উগ্ৰপন্থী…

জম্মু-কাশ্মীৰত পুনৰ নিৰাপত্তাৰক্ষী বাহিনীৰে সংঘৰ্ষত নিহত অচিনাক্ত সংগঠনৰ উগ্ৰপন্থী।

পুলৱামাত নিৰাপত্তাৰক্ষী বাহিনীৰ সৈতে হোৱা সংঘৰ্ষত এজন অচিনাক্ত সন্ত্ৰাসবাদী নিহত হয়।

কাশ্মীৰ আৰক্ষীৰ তৰফৰ পৰা মঙলবাৰে জম্মু-কাশ্মীৰত নিৰাপত্তাৰক্ষী বাহিনীৰ সৈতে হোৱা সংঘৰ্ষত সন্ত্ৰাসবাদীজন মৃত্যু হোৱা বুলি নিশ্চিত কৰা হয়।

নিৰাপত্তাৰক্ষীৰ গুলীত নিহত হোৱা উগ্ৰপন্থীজন কোন সংগঠনৰ সৈতে জড়িত এই পৰ্যন্ত জানিব পৰা হোৱা নাই।

দক্ষিণ কাশ্মীৰ জিলাৰ অৱন্তীপুৰাৰ চাৰচু অঞ্চলত উগ্ৰপন্থীৰ উপস্থিতি সম্পৰ্কে তথ্য লাভ কৰাৰ পিছত নিৰাপত্তাৰক্ষীয়ে তালাচী অভিযান আৰম্ভ কৰে।

নিৰাপত্তাৰক্ষী বাহিনীয়ে সন্ত্ৰাসবাদীৰ সন্ধানত অভিযান আৰম্ভ কৰাৰ পাছতে উক্ত অঞ্চলত লুকাই থকা সন্ত্ৰাসবাদীৰ দলে নিৰাপত্তাৰক্ষী বাহিনীৰ উদ্দেশ্যে গুলীবৰ্ষণ কৰে।

প্ৰত্যুত্তৰত নিৰাপত্তাৰক্ষী বাহিনীয়ো ওলোটাই গুলীচালানা কৰাত ঘটনাস্থলীত এজন অচিনাক্ত সন্ত্ৰাসবাদীৰ মৃত্যু হয়।

ঘটনাস্থলীৰ পৰা নিৰপত্তাৰক্ষী বাহিনীয়ে এটা ৰাইফলৰ লগতে সজীৱ গুলী আৰু বিভিন্ন নথি-পত্ৰ উদ্ধাৰ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *