অসম

ভয়ংকৰ পথ দুৰ্ঘটনা! তীব্ৰ বেগী ট্ৰাকে মহতিয়ালে বাইক আৰোহীক, থিতাতে প্ৰাণ হেৰুৱালে যদুমণিয়ে…

ভয়ংকৰ পথ দুৰ্ঘটনা, তীব্ৰ বেগী ট্ৰাকে মহতিয়ালে বাইক আৰোহীক।

ডবকাৰ মদাৰতলিত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো।

তীব্ৰ বেগী ট্ৰাকৰ খুন্দাত থিতাতে নিহত হয় বাইক আৰোহীজন।

বাইক আৰোহীগৰাকীৰ নাম জদুমণি শৰ্মা বুলি জানিব পৰা গৈছে।

নগাঁৱৰ পৰা ডবকা অভিমুখে গৈ আছিল বাইক আৰোহীজন।

আনহাতে সেই একেদিশেৰে আহি থকা AS01-LC-9261 নম্বৰৰ ট্ৰাকখনে মহতিয়াই নিয়ে AS01-AN-7255 নম্বৰৰ বাইক আৰোহীজনক।

নিহত যদুমণিৰ ঘৰ নগাঁৱৰ দক্ষিণ পাটত বুলি জানিব পৰা গৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *