আৰক্ষীৰ জালত বৃহৎ গাড়ী চুৰি চক্ৰ, ডিটিঅ’সহ গ্ৰেপ্তাৰ ৫ জন

নিউজ ডেস্ক। অৰুণাচল প্ৰদেশত আৰক্ষীৰ জালত পৰিল বৃহৎ গাড়ী চুৰি চক্ৰ।

ইটানগৰ আৰক্ষীয়ে অভিযান চলাই এজন জিলা পৰিবহন বিষয়াসহ গাড়ী চুৰি চক্ৰৰ ৫ জনকৈ লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।

আৰক্ষীয়ে চুৰি চক্ৰটোৰ পৰা ৪ খন মহিন্দ্ৰা স্কৰপিঅ’, ৩ খন হুণ্ডাই ক্ৰেটা, দুখন ফৰ্চুনাৰ আৰু এখন মাৰুতি চুজুকি চুইফ্ট ডিজিয়াৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

G3 3
আৰক্ষীৰ জালত বৃহৎ গাড়ী চুৰি চক্ৰ, ডিটিঅ’সহ গ্ৰেপ্তাৰ ৫ জন 5

জানিব পৰা মতে নাহৰলগুন থানাত ৰুজু হোৱা (u/s 34/120-B /379/411/413/468 আৰু 471) গোচৰৰ ভিত্তিত পৃথকে পৃথকে অভিযান চলাই গ্ৰেপ্তাৰ কৰা হৈছে লোককেইজনক।

ধৃত লোক কেইজন হৈছে কুৰুমকুমে জিলাৰ জিলা পৰিবহন বিষয়া য়ামদ’ য়াল’ (নিয়াপিন), ৰাজু টামাং (শোণিতপুৰ, অসম), ডেবীয়া টাজাম (ডি চেক্টৰ, নিৰজুলি), সুভাষ ৰায় (নিয়’কুম কলনি, নিৰজুলি) আৰু লখিমপুৰ জিলাৰ ৰাজগড়ৰ খগেন বৰা।

ৰাজধানী আৰক্ষীৰ অধীক্ষক জিমি চিৰামে জানিবলৈ দিয়া মতে, ৯ ফেব্ৰুৱাৰীত দৈনিক তালাচীৰ সময়ত সন্দেহবশতঃ এআৰ ০২চি ৫৮৩১ নম্বৰৰ এখন ফৰ্চুনাৰৰ নথি-পত্ৰৰ লগতে ইঞ্জিন আৰু থেচিচ নম্বৰৰ মাজত বিসংগতি ধৰা পৰিছিল।

G3 4
আৰক্ষীৰ জালত বৃহৎ গাড়ী চুৰি চক্ৰ, ডিটিঅ’সহ গ্ৰেপ্তাৰ ৫ জন 6

ইয়াৰ পিছতে আৰক্ষীয়ে বাহন খনৰ চালক তামচি কামেক আটক কৰাত তেওঁ গাড়ীখন মনি গুৰুং আৰু পাচাং টামাঙৰ পৰা ১২ লাখ ৫০ হাজাৰ টকাত ক্ৰয় কৰা বুলি আৰক্ষীক স্বীকাৰ কৰে। তাৰ পিছতে সেই গাড়ীখনৰ আঁত ধৰি আৰক্ষীয়ে গাড়ী চুৰি চক্ৰৰ সৈতে জড়িত খগেন বৰাৰ লগতে আন আন অভিযুক্ত কেইজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

আৰক্ষীৰ সন্মুখত খগেন বৰাই স্বীকাৰ কৰা মতে, তেওঁ, ২,৪০,০০০ টকাত দুখন বাহন ক্ৰয় কৰিছিল আৰু ভূৱা নথি-পত্ৰৰ বাবে চেষ্টা চলাই আছিল। অধিক তথ্যৰ বাবে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

আৰক্ষীয়ে ৯ ফেব্ৰুৱাৰীৰ পৰা অভিযান চলাই ২৮ ফেব্ৰুৱাৰী পৰ্যন্ত ৫ জন অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱাৰ লগতে কেইবাখনো চুৰি বাহন জব্দ কৰিছে।

p2 3
আৰক্ষীৰ জালত বৃহৎ গাড়ী চুৰি চক্ৰ, ডিটিঅ’সহ গ্ৰেপ্তাৰ ৫ জন 7

আৰক্ষীৰ সন্মুখত ধৃত খগেন বৰাই স্বীকাৰ কৰা মতে, তেওঁ চুৰি হোৱা স্কৰপিঅ’ গাড়ী দুখনৰ বাবে ৰাজু তামাঙৰ জৰিয়তে ২,৪০,০০০ টকাত প্ৰকৃত পঞ্জীয়ন প্ৰমাণপত্ৰ প্ৰাপ্ত কৰাৰ চেষ্টা কৰিছিল।

ইফালে আৰক্ষীয়ে ডেবীয়া টাজামক অসমৰ লখিমপুৰ জিলাৰ মতি আলী নামৰ এজন ব্যক্তিৰ পৰা চুৰি বাহন ক্ৰয় আৰু নিৰজুলিৰ এটা চাইবাৰ কেফেত কাম কৰা সুভাষ ৰায়ৰ সহায়ত ভুৱা চালান প্ৰস্তুত কৰাৰ অপৰাধত গ্ৰেপ্তাৰ কৰা হয়।

ইয়াৰ পিছতে আৰক্ষীয়ে নিৰজুলিৰ গ্লিমচ চাইবাৰ কেফেতো অভিযান চলায় আৰু ভুৱা চালান প্ৰস্তুতত ব্যৱহৃহত কেফেখনৰ ৪টাকৈ কম্পিউটাৰ জব্দ কৰে।

জানিব পৰা মতে, জিলা পৰিবহন বিষয়া য়ামদ’ য়াল’য়ে ডেবীয়া টাজামৰ সহযোগত ভুৱা চালানৰ ওপৰত আধাৰিত কৰি বেকডেটেড পঞ্জীয়ন প্ৰমাণপত্ৰ প্ৰস্তুত কৰিছিল আৰু অতি কৌশলগতভাৱে সেই প্ৰমানপত্ৰসমূহ পৰিবহনৰ পৰ্টেলত আপলোড কৰা হৈছিল।

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা আটাইকেইজন অভিযুক্তক বৰ্তমান ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে।

লগতে চাওকঃ

এম্বুলেন্সত উঠি আহিল দৰা, ষ্ট্ৰেছাৰত বহি সম্পন্ন কৰিলে বিবাহ!

G4 1
আৰক্ষীৰ জালত বৃহৎ গাড়ী চুৰি চক্ৰ, ডিটিঅ’সহ গ্ৰেপ্তাৰ ৫ জন 8

Leave a Comment