ইউক্ৰেনৰ ৰাজধানী কিয়েভৰ টিভি টাৱাৰত এয়াৰষ্ট্ৰাইক ৰাছিয়াৰ, ৫ জনৰ মৃত্যু

নিউজ ডেস্ক। ইউক্ৰেইনত এতিয়া আতংক! এফালৰ পৰা জ্বলি ছাই হৈছে প্ৰতিখন চহৰ। মৃত্যুৰ বিভীষিকাই ক্ৰমাৎ নিদ্ৰাহৰণ কৰিছে নাগৰিকৰ!

শেহতীয়াকৈ ৰাজধানী কিয়েভতো চলিল মহাশক্তিমান ৰাছিয়াৰ আক্ৰমণ।

খবৰ অনুসৰি ৰাছিয়াই কিয়েভৰ এটা টিভি টাৱাৰত এয়াৰষ্ট্ৰাইক চলাইছে। যাৰ ফলত ইউক্ৰেইনৰ টিভি চেনেলসমূহৰ সম্প্ৰচাৰ বন্ধ হৈ পৰিছে।

FMxhHWzWQA8qgH1
ইউক্ৰেনৰ ৰাজধানী কিয়েভৰ টিভি টাৱাৰত এয়াৰষ্ট্ৰাইক ৰাছিয়াৰ, ৫ জনৰ মৃত্যু 3

ইউক্ৰেইনৰ চৰকাৰী বিষয়াই প্ৰকাশ কৰা মতে, ৰাছিয়াৰ বাহিনীয়ে মঙলবাৰে সন্ধিয়া কিয়েভ টিভি টাৱাৰ আৰু ইউক্ৰেইনৰ হলোকষ্ট স্মাৰকত বোমা বিস্ফোৰণ কৰে, যাৰ ফলত পাঁচজন লোক নিহত হয়। ৰাছিয়ান সেনাৰ আক্ৰমণত আন পাঁচজন লোক আহত হৈছে।

আনহাতে, কিয়েভৰ ফাষ্টিভ জিলাত ৰাছিয়াৰ বোমা বিস্ফোৰণৰ ফলত এটা ঘৰ জ্বলি ছাই হৈ পৰে। পিছত সেই ঘৰটোৰ ভিতৰৰ পৰা এগৰাকী মহিলাৰ অগ্নিদগ্ধ মৃতদেহ উদ্ধাৰ কৰে ইউক্ৰেইনৰ সেনাই। এই আক্ৰমণত আন লোকৰো মৃত্যু ঘটাৰ সন্দেহ কৰা হৈছে।

উল্লেখ্য যে, মঙলবাৰে ৰাছিয়াৰ বাহিনীয়ে ইউক্ৰেইনৰ দুখন মুখ্য চহৰ কিয়েভ আৰু খাৰকিভক লক্ষ্য কৰি লৈছিল। ৰাছিয়াই খাৰকিভৰ এটা আৱাসিক এলেকাত মিছাইল আক্ৰমণ চলায়। যাৰ ফলত ৮ জন লোক নিহত হয়। খবৰ অনুসৰি এখন চিকিৎসালয়তো আক্ৰমণ চলায় ৰাছিয়ান সেনাই।

প্ৰণিধানযোগ্য যে, ইউক্ৰেইনৰ ওপৰত ৰাছিয়াৰ আক্ৰমনে ইতিমধ্যে ৬ দিন অতিক্ৰম কৈছে। ৰাষ্ট্ৰখনৰ ৰাজধানী কিয়েভ এতিয়াও ইউক্ৰেইনৰ দখলতে আছে যদিও ৰাজধানীলৈ দ্ৰুতগতিত আগবাঢ়িছে ৰাছিয়াৰ সেনা বাহিনী।

আনহাতে, ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিয়ে ইউক্ৰেইনৰ নাগৰিকসকললৈ এক বাৰ্তাত কয় যে শত্ৰুসকলৰ বাবে কিয়েভ হৈছে মুখ্য লক্ষ্য। কিন্তু কোনো পধ্যেই শত্ৰুক ৰাজধানীত প্ৰৱেশ কৰিবলৈ দিয়া নহয় বুলিও হুংকাৰ দিছে জেলেনস্কিয়ে।

FM09Ri4XIAAeadP
ইউক্ৰেনৰ ৰাজধানী কিয়েভৰ টিভি টাৱাৰত এয়াৰষ্ট্ৰাইক ৰাছিয়াৰ, ৫ জনৰ মৃত্যু 4

ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিৰ উপদেষ্টা অলেক্সিয়ে কয় যে ৰাছিয়াৰ সামৰিক বাহিনীয়ে পূৱ ইউক্ৰেইনৰ উত্তৰৰ ওচৰৰ পৰা দ্বিতীয় বৃহত্তম চহৰ কিয়েভ আৰু খাৰকিভক আৱৰি ৰাখিবলৈ চেষ্টা কৰি আছে। ৰাছিয়াৰ সেনাই কিয়েভত নিৰন্তৰ গুলীবৰ্ষণ কৰি আছে।

আনফালে ৰাছিয়াই পূৰ্বেই ৰাজধানী কিয়েভত বাস কৰা লোকসকলক সতৰ্ক কৰি দিছে।

ৰাছিয়াই ৰাজধানীত বাস কৰা লোকসকলক সুৰক্ষিত স্থানত উপস্থিত হবলৈ বা কিয়েভ এৰি যাবলৈ সকীয়নী প্ৰদান কৰিছে। বিশেষকৈ চৰকাৰী ভৱনৰ ওচৰত বাস কৰা লোকসকলক সুৰক্ষিত স্থানত আশ্ৰয় লবলৈ মঙ্গলবাৰে সতৰ্ক কৰি দিয়ে ৰাছিয়াই।

Leave a Comment