অসমঅসমীয়া

সুউচ্চ পাহাৰত অৱস্থিত শিৱ মন্দিৰ দৰ্শন কৰিবলৈ গৈ পুৰুষ-মহিলাৰ মৃত্যু

নিউজ ডেস্ক। সুউচ্চ পাহাৰত অৱস্থিত শিৱ মন্দিৰ দৰ্শন কৰিবলৈ গৈ আকস্মিকভাৱে মৃত্যু ঘটিল দুই পুৰুষ-মহিলাৰ।

এই ঘটনাৰ স্থান বৰাক উপত্যকাৰ ঐতিহ্যবাহী ভুৱন পাহাৰ।

জানিব পৰা মতে, পাহাৰৰ শিখৰত অৱস্থিত শিৱ মন্দিৰ দৰ্শন কৰিবলৈ পুৱতি নিশাই পাহাৰ বগাই ওপৰলৈ উঠি যোৱাৰ সময়ত আকস্মিক মৃত্যু ঘটে বিক্রম পাল (৪২) নামৰ যুৱকজনৰ।

G7 1

মৃত বিক্ৰম পালৰ ঘৰ শিলচৰ দেশবন্ধু এলেকাত বুলি জানিব পৰা গৈছে ৷

যুৱকজন অসুস্থ হৈ পৰাৰ পিছত চিকিৎসাৰ বাবে এম্বুলেন্সেৰে শিলচৰ মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰােৱা হয় যদিও চিকিৎসকে মৃত বুলি ঘােষণা কৰে।

হৃদৰোগত আক্ৰান্ত হৈ বিক্ৰম পালৰ মৃত্যু হােৱা বুলি সন্দেহ কৰা হৈছে।

2 1

উল্লেখ্য, শিৱৰাত্ৰি উপলক্ষে প্ৰতি বছৰে এই ইতিহাসপ্ৰসিদ্ধ তীৰ্থস্থানত লাখ লাখ দর্শনার্থীয়ে পাহাৰৰ মন্দিৰত সমবেত হয়।

ইফালে, মঙলবাৰে ভুৱন মন্দিৰৰ ওচৰতে এগৰাকী মহিলাৰাে মৃত্যু হয় বুলি জানিব পৰা গৈছে।

অৱশ্যে বাতৰি যুগুতােৱা পৰলৈকে মহিলাগৰাকীৰ ঠিকনা বা নাম জানিব পৰা হোৱা নাই।

লগতে চাওকঃ

মন্দিৰৰ ভিতৰত পূজা সম্পন্ন কৰিয়েই প্ৰাণত্যাগ পূজাৰীৰ

G5

Leave a Reply

Your email address will not be published. Required fields are marked *