অসমঅসমীয়া

এতিয়াৰে পৰা ঘৰ-ফ্লেট কিনা-বেচাৰ বাবে উপায়ুক্তৰ পৰা লোৱাৰ প্ৰয়োজন নাই NOC

নিউজ ডেস্ক। ফ্লেট ক্ৰয়-বিক্ৰয়ৰ বাবে এতিয়াৰে পৰা জিলা উপায়ুক্তৰ পৰা ল’ব নালাগে এনঅ’চি।

এক টুইটযোগে ৰাজ্য চৰকাৰৰ এই নিৰ্দেশনা ৰাজহুৱা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মু্খ্যমন্ত্ৰীগৰাকীয়ে জনোৱা মতে, বাণিজ্যিক ফ্লেট ক্ৰয়-বিক্ৰয়ৰ বাবেও এতিয়াৰে পৰা উপায়ুক্তৰ পৰা এনঅ’চি লোৱাৰ প্ৰয়োজন নাই।

অসম চৰকাৰে প্ৰশাসনিক সংস্কাৰৰ জৰিয়তে আইন সংশোধন কৰি এই নিৰ্দেশনা প্ৰদান কৰিছে। ৰাজ্য চৰকাৰৰ এই পৰিৱৰ্তিত নিৰ্দেশনাই ফ্লেট ক্ৰয়-বিক্ৰয় প্ৰক্ৰিয়াটো সহজ কৰি তুলিছে।

মুখ্যমন্ত্ৰী ড০ শৰ্মাই টুইটত লিখিছে- প্ৰশাসনিক সংস্কাৰক অধিক উৎসাহিত কৰি, অসম চৰকাৰে ঘৰ, ফ্লেট, আৱাসিক এপাৰ্টমেণ্ট, বাণিজ্যিক ভৱন আদি স্থানান্তৰ/লীজৰ বাবে পঞ্জীয়ন প্ৰক্ৰিয়া ত্বৰান্বিত কৰাৰ বাবে পঞ্জীয়ন আইনৰ ধাৰা ২১এ সংশোধন কৰিছে। যাৰ বাবে এতিয়াৰ পৰা উপায়ুক্তৰ পৰা কোনো এনঅ’চি লোৱাৰ প্ৰয়োজন নহ’ব।

লগতে চাওকঃ

“বিহু ৰাইজে পাতে, তুমি ক’বলৈ কোন?” মঞ্চৰ পৰা মুখ্যমন্ত্ৰীক প্ৰশ্ন জুবিন গাৰ্গৰ

Leave a Reply

Your email address will not be published. Required fields are marked *