ত্ৰিপুৰা

ৰাজহুৱা স্থানত মাংস বিক্ৰী নিষিদ্ধ কৰাৰ নিৰ্দেশ ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ…

ৰাজহুৱা স্থানত মাংস বিক্ৰী নিষিদ্ধ কৰাৰ নিৰ্দেশ ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ।

মুখ্য ন্যায়াধীশ ইন্দ্ৰজিৎ মহান্তি আৰু ন্যায়াধীশ এছ জি চট্টোপাধ্যায়ৰে গঠিত বিচাৰপীঠে ত্ৰিপুৰাৰ ৰাজহুৱা স্থানত মুক্তভাৱে মাংস বিক্ৰী বন্ধ কৰাৰ বাবে আগৰতলা পৌৰ নিগমক নিৰ্দেশ দিয়ে।

লগতে ৰাজ্যখনত মাংস বিক্ৰীৰ বাবে কচাইখানা নিৰ্মাণ কৰাৰ বাবে নিৰ্দেশ প্ৰদান কৰিছে।

ৰাজহুৱা স্থানত মাংস বিক্ৰী কৰা সন্দৰ্ভত অধিবক্তা তিলক পলে ২২ ফেব্ৰুৱাৰীত দাখিল কৰা ৰাজহুৱা স্বাৰ্থ জড়িত আবেদনৰ শুনানিত এই ৰায় প্ৰদান কৰে।

আনহাতে, মাংসৰ দোকান সমূহত সকলো ধৰণৰ পৰিস্কাৰ-পৰিচ্ছন্নতা বজাই ৰখাৰ ওপৰতো গুৰুত্ব আৰোপ কৰাৰ বাবে আগৰতলা পৌৰ নিগমক নিৰ্দেশ দিয়ে।

ত্ৰিপুৰা উচ্চ ন্যায়ালয়ে সম্পুৰ্ণ পৰিস্কাৰ-পৰিচ্ছন্নতা বজাই ৰাখি নিৰ্দিষ্ট কচাইখানাৰ পৰাহে মাংস বিক্ৰী কৰিব লাগে বুলিও লগতে কয়।

Leave a Reply

Your email address will not be published. Required fields are marked *