২০০৮ চনৰ আহমেদাবাদৰ ধাৰাবাহিক বিস্ফোৰণৰ গোচৰৰ ৰায়দান।
৪৯ গৰাকী দোষীৰ ভিতৰত ৩৮ গৰাকীক মৃত্যুদণ্ডৰ ৰায়।
ধাৰাবাহিক বোমা বিস্ফোৰণৰ ঘটনাৰ সৈতে জড়িত ৪৯ গৰাকী দোষীৰ আজি আদালতে শাস্তি ঘোষণা কৰে।
বিগত ৮ ফেব্ৰুৱাৰীত বিশেষ আদালতে আহমেদাবাদৰ বোমা বিস্ফোৰণৰ সৈতে জড়িত ৪৯ গৰাকী লোকক দোষী সাব্যস্ত কৰিছিল।
আনহাতে ১১ গৰাকী দোষীক যাৱজ্জীৱন কাৰাদণ্ড বিহে আদালতে।
উল্লেখ্য যে, ২০০৮ চনৰ এই ভয়ংকৰ বিস্ফোৰণত নিহত হৈছিল ৫৬ গৰাকী লোক।
আনহাতে ২০০ কৈ অধিক লোক আঘাতপ্ৰাপ্ত হৈছিল।
মাত্ৰ এঘণ্টাৰ ভিতৰত সংঘটিত হৈছিল ২১ টা বিস্ফোৰণ।
গুজৰাটত ২০০২ চনত হোৱা গোধৰা হত্যাকাণ্ডৰ প্ৰতিষোধ হিচাপে ইণ্ডিয়ান মুজাহিদিনে এই বোমা বিস্ফোৰণ সংঘটিত কৰিছিল।









