ধ্বংসাৱশেষত পৰিণত হ’ল এখন চহৰ! ১১৭ জনৰ মৃত্যু, সন্ধানহীন শতাধিক

নিউজ ডেস্ক। প্ৰবল বৃষ্টিপাতৰ ফলত সৃষ্ট বান আৰু ভূমিস্খলনে ধ্বংসাৱশেষত পৰিণত কৰিলে ব্ৰাজিলৰ ঔপনিৱেশিক যুগৰ চহৰ পেট্ৰ’পলিছ।

এটা শতিকাৰ পিছত চহৰখনলৈ নামি অহা বিভীষিকাত এতিয়ালৈকে প্ৰাণ হেৰুৱাইছে ১১৭ জনে। এতিয়াও সন্ধানহীন হৈ আছে শতাধিক লোক।

P2 1
ধ্বংসাৱশেষত পৰিণত হ’ল এখন চহৰ! ১১৭ জনৰ মৃত্যু, সন্ধানহীন শতাধিক 3

বৃহস্পতিবাৰে সন্ধিয়া পৰ্যন্ত দি থকা প্ৰবল বৰষুণ আৰু ভূমিস্খলনৰ ফলত আবদ্ধ সকলৰ উদ্ধাৰ অভিযানো ব্যাহত হৈ পৰে। বতৰ বিজ্ঞানীসকলৰ মতে, অঞ্চলটোত বৰষুণৰ মাত্ৰা 4 চেমি পৰ্যন্ত বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।

চহৰখনৰ ৭০০ৰো অধিক লোকে ইতিমধ্যে ঘৰ-বাৰী এৰি পলায়ন কৰিবলৈ বাধ্য হৈছে। যি সকল ৰৈ গৈছে, তেওঁলোকে সুৰক্ষিত স্থান বিচাৰি আশ্ৰয় লবলগীয়া হৈছে।

এজন স্বেচ্ছাসেৱক উদ্ধাৰকাৰীয়ে কয় যে ধ্বংসস্তূপৰ তলত জীৱিত সকলক বিচাৰি পোৱাটো এতিয়া “ব্যৱহাৰিকভাৱে অসম্ভৱ”।

যোৱা এটা শতিকাৰ পিছত চহৰখনত হোৱা প্ৰবল বৰষুণে নমাই আনিছে বিভীষিকা। কেৱল মঙলবাৰে হোৱা বৰষুণে গোটেই ফেব্ৰুৱাৰী মাহৰ গড় অতিক্ৰম কৰে। যাৰ ফলত ৰিঅ’ৰ উত্তৰে থকা চহৰখনত ভূমিস্খলন আৰু বানপানীৰ সৃষ্টি হয় আৰু ৰাস্তাবোৰ বোকাৰ নদীলৈ পৰিণত হয়। বহু ঘৰ ধ্বংসস্তুপত পৰিণত হয়।

আনুষ্ঠানিকভাৱে চিনাক্ত কৰা নিহত সকলৰ বৃহস্পতিবাৰে প্ৰথম অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয়। চহৰখনৰ ঘৰে ঘৰে এটি মৃত্যুৰ কিৰিলি!

মৃত্যুৰ সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে। এতিয়াও ধ্বংসস্তুপৰ মাজত অনেক জীৱিত আৰু মৃত লোক আবদ্ধ হৈ থকাৰ আশংকা কৰা হৈছে। কিন্তু প্ৰতিকূল পৰিস্থিতিৰ বাবে তেওঁলোকৰ উদ্ধাৰ সম্ভৱ হোৱা নাই।

ৰিঅ’ ডি জেনেৰিঅ’ৰ গভৰ্ণৰ ক্লদিঅ কাষ্ট্ৰই বুধবাৰে এই ক্ষতিক যুদ্ধ ক্ষেত্ৰৰ সৈতে তুলনা কৰে।

P1 2
ধ্বংসাৱশেষত পৰিণত হ’ল এখন চহৰ! ১১৭ জনৰ মৃত্যু, সন্ধানহীন শতাধিক 4

১৯৩২ চনৰ পিছত ৰিঅ’ ডি জেনেৰিঅ’ ৰাজ্যৰ পাহাৰৰ পৰ্যটন স্থলী পেট্ৰোপলিছত হোৱা এই প্ৰবল বৰষুনে সম্পূৰ্ণৰূপে বিধ্বস্ত কৰি পেলাইছে “ইম্পেৰিয়েল চিটি” নামেৰে পৰিচিত চহৰখনক। উল্লেখ্য যে, উনবিংশ শতিকাত ব্ৰাজিলৰ ৰাজকীয় লোকসকলৰ গ্ৰীষ্মকালীন ভ্ৰমণৰ ঠাই আছিল এই চহৰখন।

ৰাছিয়া আৰু হাংগেৰীৰ চৰকাৰী ভ্ৰমণৰ পৰা উভতি অহাৰ পিছত অঞ্চলটো ভ্ৰমণ কৰাৰ প্ৰতিশ্ৰুতি দিয়া ব্ৰাজিলৰ ৰাষ্ট্ৰপতি জাইৰ বোলচোনাৰোৱে জনসাধাৰণক সহায় কৰিবলৈ আৰু অঞ্চলটোৰ পুনৰ নিৰ্মাণ আৰম্ভ কৰিবলৈ ফেডাৰেল সহায়ৰ প্ৰতিশ্ৰুতি দিছে।

দুৰ্যোগৰ পৰিপ্ৰেক্ষিতত, ব্ৰাজিলৰ অৰ্থনীতি মন্ত্ৰালয়ে ৰিঅ’ ডি জেনেৰিঅ’ আৰু এস্পিৰিটো চেণ্টো দুয়োৰে বাবে কৰ বিৰতিৰ অনুমোদন জনাই প্ৰতিক্ৰিয়া ব্যক্ত কৰে।

Leave a Comment