মণিপুৰঅসমীয়া

বেংকৰ মেনেজাৰৰ বাবে আহিল ‘পাৰ্চেল বােমা’! তীব্ৰ চাঞ্চল্য

নিউজ ডেস্ক। গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত মণিপুৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা।

মণিপুৰৰ ম্যানমাৰ সীমান্তত অৱস্থিত মােৰেহ চহৰখনত থকা এক্সছ বেংকৰ শাখাত অজ্ঞাত লােকে দি থৈ গ’ল এটা ‘পাৰ্চেল বােমা’।

অৱশ্যে, সৌভাগ্যক্ৰমে পাৰ্চেলটাে খােলাৰ পাছত বিস্ফােৰিত নহ’ল বােমাটাে।

জানিব পৰা মতে, বৃহস্পতিবাৰে পুৱা প্ৰায় ১০.৩০ বজাত কােনাে অজ্ঞাত লােকে চহৰখনৰ ৬ নং ৱাৰ্ডত অৱস্থিত এক্সিছ বেংকৰ মেনেজাৰক এটা পাৰ্চেল প্ৰদান কৰে।

3

বেংকৰ শাখালৈ অহা অজ্ঞাত লােকজনে এই পাৰ্চেলটাে বেংকৰ এজন কৰ্মচাৰীক দি যায়। লগতে যোৱাৰ আগতে মেনেজাৰক দিবলৈ কয়।

পাছত মেনেজাৰজনে পাৰ্চেলটাে খুলি চােৱাত তেওঁৰ চকু কপালত উঠে।

পাৰ্চেল খােলাৰ লগে লগে মেনেজাৰজনে তাত প্ৰত্যক্ষ কৰে এটা হেণ্ড গ্ৰেনেড।

মেনেজাৰজনে লগে লগে এই বিষয়ে আৰক্ষীক অৱগত কৰে। আৰক্ষীয়ে বেংকত উপস্থিত হৈ বােমাটাে নিষ্ক্ৰিয় কৰাৰ বাবে নিজ জিম্মাত লয়।

FJpu-Yr2ak-AEz-Asq

জানিব পৰা মতে, পাৰ্চেলৰ ভিতৰত এটা স্থানীয় উগ্ৰপন্থী সংগঠনৰ ভাবুকি পত্ৰও পােৱা গৈছে।

লগতে চাওকঃ

ই-ৰিক্সা চালকে দি গ’ল পাৰ্চেল, খোলাৰ লগে লগে সংঘটিত হ’ল প্ৰচণ্ড বিস্ফোৰণ, আহত ৪ জন

G8

দৰং মহাবিদ্যালয়ৰ ছাত্ৰীৰ ‘অপহৰণ’ কাণ্ডত নতুন মােৰ…

G6

Leave a Reply

Your email address will not be published. Required fields are marked *