আন্তঃৰাষ্ট্ৰীয়অসমীয়া

আফগানিস্তানত দুটাকৈ প্ৰবল ভূমিকম্পৰ জোকাৰণি, কমেও ২৬ জনৰ মৃত্যু

দুটাকৈ ভূমিকম্পৰ প্ৰবল জোকাৰণিয়ে আফগানিস্তানত প্ৰাণ হৰিলে ২৬জনকৈ লোকৰ। ভূমিকম্পৰ ফলত সৃষ্টি হোৱা ধ্বংসযজ্ঞৰ ফলত আন বহু লোক আহত হোৱা বুলি জানিব পৰা গৈছে।

তুৰ্কমেনিস্তানৰ সীমান্তত আফগানিস্তানৰ পশ্চিম প্ৰদেশ বাদঘিছত সোমবাৰে দুবাৰকৈ অনুভূত হয় ভূমিকম্পৰ জোকাৰণি। ভয়াবহ কম্পনৰ ফলত বহু ঘৰ-দুৱাৰ ধ্বংসাৱশেষত পৰিণত হয়।

বৰ্তমানলৈকে ২৬ জন লোক নিহতৰ বাতৰি পোৱা গৈছে যদিও নিহতৰ সংখ্যা অধিক বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে।

FJUc-OT4-Xs-AEUis-P

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভূতাত্ত্বিক জৰীপ অনুসৰি, স্থানীয় সময় অনুসৰি দুপৰীয়া প্ৰায় ২ বজাত ৫.৩ প্ৰাবল্যৰ প্ৰথম ভূমিকম্প অনুভূত হয়। আনহাতে ৪.৯ প্ৰাবল্যৰ দ্বিতীয় ভূমিকম্পটো আবেলি প্ৰায় ৪ বজাত অনুভূত হয়।

ভূমিকম্প দুটাৰ অভিকেন্দ্ৰ আছিল ইউৰোপীয়-ভূমধ্যসাগৰীয় এলেকাৰ ৩০ কিলোমিটাৰ (১৮.৬৪ মাইল) গভীৰতাত। ভূমিকম্পত ক্ষতিগ্ৰস্ত অঞ্চলসমূহত এতিয়াও উদ্ধাৰ আৰু সাহায্য অভিযান চলাই থকা হৈছে।

প্ৰদেশৰ সংস্কৃতি আৰু তথ্য বিভাগৰ মুৰব্বী বাছ মহম্মদ চাৰৱাৰীয়ে জানিবলৈ দিয়া মতে, ভূমিকম্পৰ ফলত হোৱা ধ্বংসযজ্ঞত কেইবাটাও ঘৰ ধ্বংসস্তূপত পৰিণত হয়। চাৰৱাৰীৰ মতে, প্ৰদেশৰ দক্ষিণ অংশত অৱস্থিত কাদিছ জিলা ভূমিকম্পৰ ফলত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে আৰু সৰ্বাধিক লোক হতাহত হৈছে।

FJUm6-m-XEAc3b2-A

বাদঘিছৰ ৰাজ্যপাল মহম্মদ চালেহে জানিবলৈ দিয়া মতে, কাদিছ জিলাত এখন চালিৰ তলতে আশ্ৰয় লৈ থকা কেইবাজনো লোকৰ ভূমিকম্পৰ ফলত একেলগে মৃত্যু ঘটে। জিলাখনত শিশু আৰু মহিলাসহ আন বহুকেইজন লোক আহত হোৱাৰ বাতৰি পোৱা গৈছে।

ইফালে জৰুৰীকালীন পৰিক্ৰমা মন্ত্ৰালয়ৰ জৰুৰীকালীন অভিযান কেন্দ্ৰৰ মুৰব্বী মোল্লা জনান চাকে প্ৰকাশ কৰা মতে, ভূমিকম্পৰ ফলত বিভিন্ন প্ৰান্তত ৭০০ তকৈও অধিক ঘৰ ক্ষতিগ্ৰস্ত হয়।

FJXdc-Ro-WQAI8p-Or

ইয়াৰ পূৰ্বে শুকুৰবাৰে নিশা আফগানিস্তানৰ ফৈজাবাদৰ ওচৰত তীব্ৰ কম্পন অনুভৱ কৰা হৈছিল। অৱশ্যে, সেই সময়ত কোনো প্ৰাণহানি বা সম্পত্তিৰ ক্ষতিৰ খবৰ পোৱা হোৱা নাছিল। ভূমিকম্পৰ প্ৰাবল্য ৰিখটাৰ স্কেলত ৫.৩ বুলি নিৰ্ণয় কৰা হয়। শুক্ৰবাৰৰ ভূমিকম্পৰ কেন্দ্ৰস্থল আফগানিস্তানৰ ফৈজাবাদৰ পৰা ১১৭ কিলোমিটাৰ দক্ষিণ-পূবত আছিল।

উল্লেখ্য যে, তালিবানী শাসন আৰম্ভ হোৱাৰ পিছত আফগানিস্তানত তীব্ৰ সামাজিক, অৰ্থনৈতিক সংকটে গা কৰি উঠিছে। ৰাষ্ট্ৰখনৰ বহু এলেকাত খাদ্যৰ আকালে এক আতংকৰ সৃষ্টি কৰি ৰাখিছে।

তাৰ মাজতে সোমবাৰে নেৰানেপেৰাকৈ অহা দুটা প্ৰৱল ভূমিকম্পৰ ফলত হোৱা বিস্তৰ ক্ষতিয়ে ৰাষ্ট্ৰখনলৈ যেন এক নতুন দুৰ্যোগ নমাই আনিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *