শােকাৱহ! প্ৰবল তুষাৰপাতৰ মাজতে গাড়ী ভিতৰত আবদ্ধ হৈ ১੦ শিশুসহ ২২ পৰ্যটকৰ মৃত্যু

নিউজ ডেস্ক। তুষাৰপাতৰ নান্দনিক দৃশ্য উপভােগ কৰিবলৈ গৈ কৰুণ মৃত্যু ১੦ শিশুসহ ২২ জনকৈ পৰ্যটকৰ।

প্ৰবল তুষাৰপাতত মাজতে গাড়ীৰ ভিতৰতে দীৰ্ঘসময় ধৰি আবদ্ধ হৈ থকাৰ ফলতে সংঘটিত হ’ল এই শােকাৱহ ঘটনা।

প্ৰতিবেশী ৰাষ্ট্ৰ পাকিস্তনাৰ উত্তৰাঞ্চলত অৱস্থিত পাৰ্বত্য অঞ্চল মুৰিত সংঘটিত হৈছে এই ঘটনা।

FIp-Nx-HJXEAATOh-H

ইতিমধ্যে ২২ জন লোকৰ মৃত্যুৰ তথ্য চৰকাৰীভাৱে প্ৰকাশ পাইছে যদিও এই সংখ্য অধিক হােৱাৰ আশংকা আছে।

সেনাই ইতিমধ্যে উদ্ধাৰ কাৰ্যত নামি পৰিছে আৰু পথত জমা হোৱা বৰফ আঁতৰোৱাৰ চেষ্টা কৰিছে।

উল্লেখ্য যে দেশখনৰ ৰাজধানী চহৰ ইছলামবাদৰ পৰা ৭০ কিলোমিটাৰ উত্তৰ-পূবত অৱস্থিত মুৰি দেশ-বিদেশৰ পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ।

FIo2f-Xa-XEAEth-P1

শেহতীয়াকৈ হােৱা অবিৰাম তুষাৰপাতৰ ফলত পথত আবদ্ধ হৈ পৰিছে শাৰী শাৰী গাড়ী। পথৰ কোনো কোনো স্থানত ১.২ মিটাৰৰো বেছি ডাঠকৈ বৰফ জমা হৈছে।

FIkds7-ZWYAY-Mn-C

তুষাৰপাত চাবৰ বাবেই যোৱাকেইদিনত শ শ যান-বাহন বৰফত আবদ্ধ হৈ পৰে।

FIl0y-ZJWUAAPk-Ea

ইতিমধ্যে মুৰিক বিপৰ্যস্ত এলেকা হিচাপে ঘোষণা কৰি পৰ্যটকৰ প্ৰৱেষ নিষিদ্ধ কৰা হৈছে। লগতে সাধাৰণ লোককাে এই অঞ্চলৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনোৱা হৈছে।

লগতে চাওকঃ

UPSC ৰ IES পৰীক্ষাত উজলিল অসমৰ অসীম, দেশৰ ভিতৰত লাভ কৰিলে চতুৰ্থ স্থান

কণিষ্ঠ অভিযন্তাৰ চাকৰি লাভ কৰিছিল সৌৰভে! কিন্তু যোগদান কৰিবলৈ যোৱাৰ পথতে ঘটিল অঘটন…

Leave a Comment