টাইপাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক মৌচম গগৈৰ শােকাৱহ পথ দুৰ্ঘটনাত মৃত্যু

নিউজ ডেস্ক। এক শােকাৱহ পথ দুৰ্ঘটনাত মৃত্যু টাই আহােম যুৱ পৰিষদৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য তথা প্ৰাক্তন জুনিয়ৰ মিষ্টাৰ আছাম মৌচম গগৈ।

মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৪੦ বছৰ।

2-copy

জানিব পৰা মতে, শুক্ৰবাৰে নিশা প্ৰায় ১১.৩০ বজাত মৰাণ পিয়লি নগৰস্থিত বাসগৃহৰ পৰা নিজৰ AS-06Z-1415 নম্বৰৰ স্কুটীৰে বিশেষ কামৰ বাবে ঘৰৰ পৰা ওলাই গৈছিল।

যাত্ৰাপথত মৰাণ-নিতাই পথৰ চুকাফা নগৰত তেওঁৰ স্কুটীখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষত থকা এখন পকী দেৱলত খুন্দা মাৰে।

এই ঘটনাত গুৰুতৰভাৱে আহত মৌচম গগৈক নিশাই স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে।

25

ডিব্ৰুগড় জিলাৰ বৃহত্তৰ মৰাণ অঞ্চলৰ সৰবৰহী যুৱক, ক্ৰীড়া সংগঠক মৌচম গগৈ (৪০)ৰ এনে অকাল মৃত্যুৰ ঘটনাই বৃহত্তৰ মৰাণ অঞ্চলত গভীৰ শোকৰ ছাঁ পেলাইছে।

শনিবাৰে বিয়লি মৰণোত্তৰ পৰীক্ষাৰ অন্তত তেওঁৰ নশ্বৰ দেহ ডিব্ৰুগড়ৰ পৰা মৰাণ নগৰ পোৱাৰ পিছত টাই আহোম যুৱ পৰিষদ, অসমৰ আহ্বানত এক ঘণ্টা সময় মৰাণ নগৰৰ ব্যৱসায় প্ৰতিষ্ঠানসমূহ বন্ধ ৰাখই শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে মৰাণবাসীয়ে।

উল্লেখ্য, প্ৰায় দুই দশক ধৰি মৰাণ অঞ্চলত শৰীৰ চৰ্চাৰ অনুকূল পৰিৱেশ সৃষ্টিত অগ্ৰণী ভূমিকা গ্ৰহণ কৰি অহা গগৈ টাই আহোম যুৱ পৰিষদ, অসম (টাইপা)ৰো নিষ্ঠাৱান নেতা আছিল।

59

মৃত্যুপৰ্যন্ত ‘টাইপা’ৰ কেন্দ্ৰীয় সদস্য হিচাপে কাৰ্য নিৰ্বাহ কৰি থকা মৌচম গগৈয়ে মৃত্যুৰ সময়ত পত্নীসহ এগৰাকী কন্যা, মাতৃকে ধৰি অসংখ্য আত্মীয়-স্বজনক ইহ সংসাৰত এৰি থৈ যায়।

লগতে চাওকঃ

শােকাৱহ! প্ৰবল তুষাৰপাতৰ মাজতে গাড়ী ভিতৰত আবদ্ধ হৈ ১੦ শিশুসহ ২২ পৰ্যটকৰ মৃত্যু

Leave a Comment