যুৱকক অপহৰণ কৰি গ্ৰেপ্তাৰ ‘ক্ৰাইম ব্ৰাঞ্চ’ৰ ৩ ভুৱা বিষয়া!

নিউজ ডেস্ক। এনকাউণ্টাৰ নহয়, এইবাৰ আৰক্ষীৰ জালত পৰিল নিজকে ক্ৰাইম ব্ৰাঞ্চৰ বিষয়া হিচাপে পৰিচয় দি এজন যুৱকক অপহৰণ কৰা ৩ অপৰাধী।

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা এই ২ জন অপৰাধীৰ নাম হৈছে দ্বীপজ্যেতি ঠাকুৰীয়া, নাৰায়ণ দাস।

জানিব পৰা মতে, কামৰূপ জিলাৰ হাজোৰ শাক্তিবৰীত সংঘটিত হৈছিল এক চাঞ্চল্যকৰ অপহৰণৰ ঘটনা।

ঘটনা অনুসৰি মুক্তাৰ আলী নামৰ যুৱকজনক হাজো কলিতাকুছি দিশৰ পৰা আহি থকা অৱস্থাত হাজোৰ শাক্তিবৰী অঞ্চলত তিনিজনীয়া এটা অপহৰণকাৰী দলে AS25EC3335 নম্বৰৰ মেক্সিম’ বাহনেৰে আগভেটি ধৰি অপহৰণ কৰি লৈ যায়।

তাৰ পিছতে মুক্তাৰৰ পৰিয়ালক ধন দাবী কৰে অপহৰণকাৰী চক্ৰই।

এই ঘটনাৰ সন্দৰ্ভত হাজো আৰক্ষীয়ে তথ্য লাভ কৰাৰ পাছতে তৎপৰ হৈ পৰে।

অৱশেষত হাজো আৰক্ষীয়ে অভিযান চলাই মহানগৰীৰ জালুকবাৰীৰ পৰা অপহৃত মুক্তাৰ আলীক উদ্ধাৰ লগতে অপহৰণকাৰী দ্বীপজ্যেতি ঠাকুৰীয়া, নাৰায়ণ দাস আৰু মেক্সিম’খনৰ চালকজনক আটক কৰিবলৈ সক্ষম হয়।

লগতে অপহৰণকাৰী কেইটাৰ পৰা এটা এয়াৰ পিষ্টল, এটা পুতলা পিষ্টল, এটা ম’বাইল, নগদ ধন আৰু দুটা ৱাকিট’কি জব্দ কৰিবলৈ সক্ষম হয় হাজো আৰক্ষী।

ইতিমধ্যে উক্ত ঘটনা সন্দৰ্ভত হাজো আৰক্ষীয়ে অহৰণকাৰীকেইটাক অব্যাহত ৰাখিছে মাৰথান জেৰা।

লগতে চাওকঃ আলফা(স্বা)ত যোগদান দুই অসম আৰক্ষীৰ জোৱানৰ!

Leave a Comment