জলসম্পদ মন্ত্ৰী পীয়ুষ হাজৰিকাৰ চাদেন ভিজিট।
গুৱাহাটীৰ চানমাৰীস্থিত জলসম্পদ বিভাগৰ মুখ্য অভিযন্তাৰ কাৰ্যালয়ত মন্ত্ৰী গৰাকীৰ বৃহস্পতিবাৰে হঠাৎ উপস্থিত হয়।
কাৰ্যালয়ৰ প্রতিটো কোঠা পৰিদর্শন কৰে মন্ত্ৰী পীযূষ হাজৰিকাই।
জলসম্পদ বিভাগৰ মুখ্য কাৰ্যালয়ত মুঠ ৩৫৭ গৰাকী কৰ্মচাৰীৰ ভিতৰত বৃহস্পতিবাৰে অনুপস্থিত ২৪ গৰাকী কৰ্মচাৰী।
ইয়াৰে ১০ গৰাকী দৰ্খাস্ত দি ছুটি লৈছে। আনহাতে ১৪ গৰাকীয়ে দৰ্খাস্ত নিদিয়াকৈ অনুপস্থিত।
আৱেদন নিদিয়াকৈ কাৰ্যালয়ত অনুপস্থিত ১৪জন কমৰ্চাৰীৰ এদিনৰ দৰমহা কৰ্তনৰ নিৰ্দেশ দিয়ে মন্ত্ৰী পীযূষ হাজৰিকাই।









