ৰোপৱে’ দুৰ্ঘটনাত প্ৰাণ ৰক্ষা পৰা পৰ্যটকক হেলিকপ্টাৰেৰে উদ্ধাৰৰ সময়তে ঘটিল শােকাৱহ ঘটনা…

নিউজ ডেস্ক। মৃত্যুৱে যেতিয়া হাতবাউলি মাতে, তাক বাধা দিয়াৰ ক্ষমতা থাকে কাৰ!

ঝাৰখণ্ডৰ দেওঘৰ জিলাৰ ত্ৰিকুট পৰ্বতৰ ৰোপৱে’ত সংঘটিত ভয়ংকৰ দুৰ্ঘটনাত মাটিৰ পৰা কেইবাহাজাৰ ফুট উচ্চতাত আবদ্ধ হৈ পৰে ৪৮ জনকৈ পৰ্যটক।

আৱদ্ধ পৰ্যটকসকলৰ উদ্ধাৰ অভিযান নিৰন্তৰভাৱে চলাই আছে এনডিআৰএফ, সেনা, বায়ু সেনাই। এমআই-১৭ হেলিকপ্টাৰেৰে এজন এজনকৈ উদ্ধাৰ কৰা হৈছে আবদ্ধ পৰ্যটক সকলক।

G1 11
ৰোপৱে' দুৰ্ঘটনাত প্ৰাণ ৰক্ষা পৰা পৰ্যটকক হেলিকপ্টাৰেৰে উদ্ধাৰৰ সময়তে ঘটিল শােকাৱহ ঘটনা... 3

এই অভিযান চলি থকাৰ মাজতে পোহৰলৈ আহিছে এক শিহৰণকাৰী দৃশ্য। ৰোপৱে’ দুৰ্ঘটনাত মৃত্যুমুখৰ পৰা ৰক্ষা পৰা এজন পৰ্যটকক হেলিকপ্টাৰেৰে উদ্ধাৰ কৰাৰ সময়তে ৰছী ছিগি আকাশ মাৰ্গৰ পৰা তললৈ সৰি পৰে পৰ্যটকগৰাকী।

সেই সময়ত উদ্ধাৰ অভিযানৰ ভিডিঅ’ নিৰ্মান কৰি থকা এজন ব্যক্তিৰ কেমেৰাত আবদ্ধ হয় এই শিহৰণকাৰী দৃশ্য!

বাতৰি অনুসৰি উদ্ধাৰৰ সময়ত পৰ্যটক গৰাকী হেলিকপ্টাৰৰ পৰা সৰি ১৫০০ ফুট দ খাৱৈত পৰি যায়। বতাহৰ তীব্ৰ গতিবেগৰ বাবেই এই অঘটন ঘটাৰ সন্দেহ কৰা হৈছে।

উল্লেখ্য যে, ৰোপৱে’ দুৰ্ঘটনাত আবদ্ধ হৈ পৰা ২৮ গৰাকী পৰ্যটকক ইতিমধ্যে উদ্ধাৰ কৰা হৈছে।

সেনা, এন ডি আৰ এফ, বায়ু সেনা, স্থানীয় আৰক্ষী আৰু প্ৰশাসনৰ দ্বাৰা উদ্ধাৰ অভিযান চলাই থকা হৈছে। এই শোকাবহ দুৰ্ঘটনাত দুগৰাকী মহিলাসহ ৩ পৰ্যটকৰ মৃত্যু ঘটিছে।

লগতে চাওকঃ

পিতৃ ভাৰতীয় সেনাৰ অৱসৰপ্ৰাপ্ত জােৱান, ৪ জীয়ৰীয়েই ভৰ্তি হ’ল আৰক্ষী বাহিনীত…

G7 2
ৰোপৱে' দুৰ্ঘটনাত প্ৰাণ ৰক্ষা পৰা পৰ্যটকক হেলিকপ্টাৰেৰে উদ্ধাৰৰ সময়তে ঘটিল শােকাৱহ ঘটনা... 4

Leave a Comment