অসম

মহিন্দ্ৰা ডিলাৰৰ পৰা ডকাইতি হোৱা ৪খন বলেৰ’ বাহন উদ্ধাৰ, গ্ৰেপ্তাৰ ৬ ডকাইত…

তেজপুৰত মহিন্দ্ৰা ডিলাৰৰ পৰা ৮ এপ্ৰিলৰ নিশা চুৰি হোৱা ৪খন বলেৰ’ পিকআপ ভান উদ্ধাৰ।

তেজপুৰৰ ডেকাৰগাঁৱত অৱস্থিত মহিন্দ্ৰা ডিলাৰৰ এটা গুডামৰ পৰা ১২ জনীয়া ডকাইতৰ দলে সাতখনকৈ নতুন বলেৰ’ পিকআপ ভান লৈ উধাও হয়।

নিশা নিৰাপত্তাৰ দায়িত্বত থকা ছিকিউৰিটি গাৰ্ড দুজনক হাত ভৰি বান্ধি ডকাইতৰ দলটোৱে এই কাণ্ড সংঘটিত কৰে।

এই ডকাইতি-কাণ্ডৰ সময়ত কৰ্তব্যত গাফিলতি কৰাৰ অভিযোগত দুজন আৰক্ষী বিষয়াক নিলম্বন কৰা হৈছিল।

image 24

ইতিমধ্যে আৰক্ষীয়ে অভিযান চলাই এই ঘটনাৰ সৈতে জড়িত ৬ জনক গ্ৰেপ্তাৰ কৰাৰ লগতে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ৪খনকৈ বলেৰ’ পিকআপ ভান।

নগাঁৱত এখন, পাচিঘাটত দুখন আৰু ডিমাপুৰত এখন বাহন উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে।

এক গোপন সূত্ৰৰ পৰা পোৱা খবৰৰ ভিত্তিত তেজপুৰ আৰু জোনাইৰ আৰক্ষীয়ে লাভ কৰে এই সফলতা।

ডিমাপুৰ, পাচিঘাট, জোনাই, মৰিগাঁৱ আৰু তেজপুৰৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে এই ৬ ডকাইতক।

তেওঁলোক হৈছে তেজপুৰৰ চাহাবুদ্দিন, পাচিঘাটৰ হাকিম আলী, দুলহাল আলী, মৰিগাঁৱৰ জিয়াকুৰ ৰহমান আৰু ডিমাপুৰৰ অহতুক জিমু।

Leave a Reply

Your email address will not be published. Required fields are marked *