ৰাষ্ট্ৰীয়অসমীয়া

ৰে’ল ষ্টেচনত ৰখাই থােৱা অৱস্থাত ৰে’লত ভয়ংকৰ অগ্নিকাণ্ড

নিউজ ডেস্ক। শনিবাৰে পুৱা বিহাৰৰ মধুবনী ৰে’ল ষ্টেচনত এখন খালী ৰে’লত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়।

পূব মধ্য ৰে’লৱেৰ চিপিআৰঅ’য়ে জানিবলৈ দিয়া মতে, ৰে’লখনৰ জুই বৰ্তমান নিৰ্বাপন কৰা হৈছে।

এক বিবৃত্তি জাৰি কৰি পূব মধ্য ৰে’লৱেয়ে জানিবলৈ দিয়া মতে পুৱা মধুবনী ৰে’ল ষ্টেচনত স্বতন্ত্ৰ সেনানী চুপাৰফাষ্ট এক্সপ্ৰেছ নামৰ ৰে’লখনত অগ্নিকাণ্ড সংঘটিত হয়।

অৱশ্যে অগ্নিকাণ্ডৰ সময়ত ৰে’ল খন খালী আছিল। যাৰ বাবে কোনো লোক হতাহত হোৱা নাই বুলি জানিব পৰা গৈছে।

পৰৱৰ্তী সময়ত পুৱা ৯.৫০ বজাত ৰে’লখনৰ জুই নিৰ্বাপন কৰা হয়।

অগ্নিকাণ্ড সংঘটিত হোৱাৰ সময়ত স্বতন্ত্ৰ সেনানী এক্সপ্ৰেছ ৰে’লখন জয়নগৰৰ পৰা নতুন দিল্লীলৈ যাত্ৰা কৰি আছিল।

লগতে চাওকঃ

শােকাৱহ! পিতৃৰ বিয়োগৰ শোকত একমাত্ৰ পুত্ৰৰো প্ৰাণত্যাগ, থানবান হ’ল এটি পৰিয়াল

G7 15

Leave a Reply

Your email address will not be published. Required fields are marked *