অসমঅসমীয়া

দুৰ্নীতিৰ খলনায়ক ৰাকেশ পালৰ জামিন আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ

পুনৰ মুকলি আকাশৰ তললৈ ওলাই অহাৰ সপোন ৰুদ্ধ হৈ পৰিল অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ বৃহৎ কেলেংকাৰীৰ খলনায়ক ৰাকেশ পালৰ।

শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে নাকচ কৰে ৰাকেশ পালৰ জামিন আবেদন।

G5 10
ফাইল ফটাে

দীৰ্ঘদিন ধৰি কাৰাৰুদ্ধ হৈ থকা এপিএছচিৰ প্ৰাক্তন অধ্যক্ষ ৰাকেশ পালে জামিন বিচাৰি দাৰস্থ হৈছিল উচ্চতম ন্যায়ালয়ৰ।

উল্লেখ্য যে, গুৱাহাটীৰ ভঙাগড় আৰক্ষী চকীত ৰুজু হৈ থকা এক গোচৰৰ বাবে পূৰ্বে গুৱাহাটী উচ্চ ন্যায়ালয়ে নাকচ কৰিছিল ৰাকেশ পালৰ জামিন আবেদন।

তাৰ পিছতে পালে জামিন বিচাৰি উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰিছিল যদিও শুকুৰবাৰে সৰ্বোচ্চ ন্যায়ালয়েও তেওঁৰ জামিন আবেদন খাৰিজ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *