ৰে’ল ষ্টেচনত অভিযান চলাই আৰক্ষীয়ে জব্দ কৰে বুজন পৰিমাণৰ ড্ৰাগছ, আটক ৩ সৰবৰাহকাৰী…

ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধ ৰাজ্যত অব্যাহত আছে আৰক্ষীৰ অভিযান।

পুনৰ নগাঁও আৰক্ষীৰ জালত পৰিছে বুজন পৰিমাণৰ ড্ৰাগছসহ সৰবৰাহকাৰী।

বুধবাৰে পুৱতি নিশা ৰহা আৰক্ষীয়ে অভিযান চলাই চাপৰমুখ ৰে’ল ষ্টেচনৰ পৰা এগৰাকী মহিলাসহ তিনি ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়।

জানিব পৰা মতে নগাঁৱৰ ধনীয়াভেটিৰ ড্ৰাগছ সৰবৰাহকাৰী কেইটাই ডিমাপুৰৰ পৰা ৰে’লেৰে ড্ৰাগছ সৰবৰাহ কৰি আহি থকা অবস্থাত চাপৰমুখ ৰে’ল ষ্টেচনত তিনিওকে আটক কৰে আৰক্ষীয়ে।

ধৃত সৰবৰাহকাৰী কেইটা হৈছে ৰছিদুল হক আইনুল হক আৰু এগৰাকী মহিলা।

ধৃত ড্ৰাগছ সৰবৰাহকাৰীকেইটাৰ পৰা আৰক্ষীয়ে বুজন পৰিমাণৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হৈছে।

উল্লেখযোগ্য যে ইয়াৰ পূৰ্বেও আৰক্ষীয়ে চাপৰমুখ ৰে’ল ষ্টেচনৰ পৰা কেইবাটাও ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হৈছিল।

Leave a Comment