অৱশেষত নতুন ৰাজনৈতিক দল খোলাৰ কথা ঘোষণা কেপ্তেইন অমৰিন্দৰ সিঙৰ…

অৱশেষত নতুন ৰাজনৈতিক দল খোলাৰ কথা ঘোষণা কেপ্তেইন অমৰিন্দৰ সিঙৰ।

২০২২ চনত অনুষ্ঠিত হ’ব লগীয়া বিধানসভা নিৰ্বাচনৰ পূৰ্বে গঠন কৰিব দল।

অমৰিন্দৰ সিঙৰ প্ৰেছ উপদেষ্টা ৰাভিন থুকৰালে এই সম্পৰ্কে উল্লেখ কৰে।

আনহাতে, বিজেপিয়ে যদিহে কৃষক সকলৰ সৈতে আলাপ আলোচনাৰ মাধ্যমেৰে কৃষকৰ প্ৰতিবাদ নিষ্পত্তি কৰে তেন্তে ২০২২ চনৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ সৈতে অমৰিন্দৰ সিঙে আসন বুজাবুজিৰ প্ৰসংগতো ভাবি চাব বুলি থুকৰালে কয়।

উল্লেখযোগ্য যে, পঞ্জাৱৰ মুখ্যমন্ত্ৰী পদৰ পৰা কেপ্তেইন অমৰিন্দৰ সিঙে পদত্যাগ কৰাৰ পাছতে অমৰিন্দৰ সিঙে বিজেপি অথবা আম আদমী পাৰ্টিত যোগদান কৰিব পাৰে চৰ্চা চলিছিল।

কিন্তু কংগ্ৰেছৰ পৰা পদত্যাগৰ পাছতেই এই নতুন পদক্ষেপ গ্ৰহণ কৰে অমৰিন্দৰ সিঙে।

Leave a Comment