অসম

অসমীয়া ভাষাক অপমান কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা ২ বঙালী নেতাক জামিনত মু্ক্তি…

বৰাকত অসমীয়া ভাষা বিদ্বেষী মনোভাৱ লৈ প্ৰতিবাদ কৰিছিল বৰাকৰ দুই সংগঠন ক্ৰমে বৰাক ডেম’ক্রেটিক য়ুথ ফ্ৰণ্ট আৰু সদৌ বঙালী ছাত্ৰ যুৱ সংগঠনে।

শিলচৰ ৰেল ষ্টেচনত অসমীয়া ভাষাৰ চৰকাৰী পষ্টাৰত কলা ৰং সানি প্ৰতিবাদ কৰিছিল সংগঠন দুটাৰ নেতা কৰ্মীয়ে।

তেওঁলোকে দাবী কৰিছিল যে বৰাকত যিহেতু বঙালী ভাষা চৰকাৰী ভাষা হিচাপে স্বীকৃত। গতিকে বৰাকত অসমীয়া ভাষাৰ পষ্টাৰ লগোৱাটোৱে ১৯৬১ ৰ ভাষা আইনৰ লগতে বঙালী ভাষাক অৱমাননা কৰিছে।

ইয়াৰ পিছতেই দুই সংগঠনৰ নেতাক গ্ৰেপ্তাৰ কৰি শাস্তি দিবলৈ দাবী জনায় ৰাজ্যজুৰি প্ৰতিবাদ কৰিছিল ৰাজ্যৰ বিভিন্ন জাতীয়তাবাদী দল সংগঠনে।

সেই অনুসৰি বৰাক ডেম’ক্রেটিক য়ুথ ফ্ৰণ্টৰ প্ৰতিষ্ঠাতা প্ৰদীপ দত্ত ৰয়লৈ চমন জাৰি কৰে কাছাৰৰ আৰক্ষী অধীক্ষক ৰমনদ্বীপ কৌৰে।

ইয়াৰ পিছতেই তেওঁ উপস্থিত হয় আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত। তেওঁক দুঘণ্টা ধৰি সোধা-পোছা কৰাৰ পিছত এৰি দিয়ে আৰক্ষীয়ে। আৰু তাৰ পিছতেই তেওঁ এক আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰি কয় যে, অসমীয়া ভাষাৰ পষ্টাৰত তেনে কৰাটো তেওঁলোকৰ সংগঠনৰ কোনো পৰিকল্পনা নাছিল। তেওঁৰ বিনা অনুমতিতহে সংগঠনটোৰ নেতাই তেনে কৰা বুলি উল্লেখ কৰে।

কাছাৰৰ আৰক্ষী অধীক্ষক ৰমনদ্বীপ কৌৰে জনোৱা অনুসৰি, অসমীয়া ভাষাৰ পষ্টাৰত কলা ৰং সনাৰ সৈতে জড়িত দুজন নেতাক মংগলবাৰে আবেলি গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। গ্ৰেপ্তাৰ কৰা দুই নেতা ক্ৰমে ৰাজু দেৱ আৰু সমৰ দাস।

গ্ৰেপ্তাৰ হোৱা দুই বঙালী নেতাই ইতিমধ্যে জামিনত মুক্তি লাভ কৰিছে।

সদৌ অসম বঙালী যুৱ ছাত্ৰ সন্থাৰ সমৰ দাস আৰু ৰাজু দেৱক জামিনত মুক্তি দিয়ে আদালতে।

আজি আবেলি দুয়োজনকে আৰক্ষীয়ে আদালতত হাজিৰ কৰোৱাৰ পিছত আদালতে তেওঁলোকক জামিনত মুক্তি দিয়ে।

আৰক্ষীয়ে উপযুক্ত প্ৰমাণ নিদিয়াৰ বাবেই দুয়োকো আদালতে মুক্তি দিয়ে বুলি জানিব পৰা গৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *