অসম

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক প্ৰথমটো ‘লতা দীননাথ মংগেশকাৰ’ বঁটা প্ৰদান…

কালজয়ী গায়িকা তথা ভাৰতৰ কোকিলকণ্ঠী প্ৰয়াত লতা মংগেশকাৰৰ স্মৃতিত প্ৰদান কৰা প্ৰথমটো লতা দীননাথ মংগেশকাৰ বঁটা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰদান কৰা হয়।

দেওবাৰে মুম্বাইত এই সন্মানীয় বঁটা গ্ৰহণ কৰে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে।

এই বঁটা গ্ৰহণ কৰি প্ৰধানমন্ত্ৰী গৰাকীয়ে কয়, ‘লতা দিদি আমাৰ বাবে প্ৰেম আৰু শান্তিৰ প্ৰতীক হৈ জিলিকি আছে। সেয়ে তেওঁৰ নাম সম্পৃক্ত হৈ থকা এই বঁটা মই  গ্ৰহণ নকৰাকৈ থাকিব নোৱাৰোঁ। মই এই বঁটা দেশবাসীৰ নামত উছৰ্গা কৰিছোঁ।’

গায়িকা আশা ভোশলে আৰু উষা মংগেশকাৰে প্ৰধানমন্ত্ৰী মোদীক এই বঁটা প্ৰদান কৰে। 

উল্লেখ্য যে চলিত বৰ্ষৰ আৰম্ভণিতে ৯২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিছিল লতা মংগেশকাৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *