ৰে’লৰ ভিতৰত যোগাসনঃ ব্যস্ত সূচীৰ মাজত যাত্ৰাৰ সময়তে যোগাভ্যাস যাত্ৰীৰ

নিউজ ডেস্কঃ মায়ানগৰী মুম্বাইৰ জীৱন ৰেখা হিচাপে পৰিচিত ৰে’ল যাত্ৰাত যোগ সাধনাৰ প্ৰচলন কৰি পৰিচিত হৈ পৰিছে এগৰাকী মহিলা সাংবাদিক। নিতৌ ৰে’ল যাত্ৰা কৰি অহা ৰুচিতা শ্বাহ নামৰ এগৰাকী যোগ সাধক তথা সাংবাদিকে এতিয়া মুম্বাইৰ ৰে’ল সমূহত যেন নতুন প্ৰান যোগাইছে।

উল্লেখ্য যে, সমগ্ৰ মুম্বাই চহৰৰ ২ কোটি ২০ লাখতকৈও অধিক লোকে নিতৌ ৰে’লৰে অহা যোৱা কৰে। অধিক সংখ্যক যাত্ৰীয়ে দিনটোৰ সৰহ সময় ৰে’লৰ ভিতৰতে পাৰ কৰিবলগীয়া হয়। ব্যস্ত চহৰত ঘৰ আৰু কৰ্মস্থলীৰ মাজত সংযোগ স্থাপন কৰা কৰা এই ৰে’লসমূহ সেয়ে কোৱা হয় মুম্বাইবাসীৰ জীৱন ৰেখা বুলি।

অধিক সংখ্যক লোকে দৈনিক ৯-১০ ঘণ্টা কাম কৰাৰ উপৰিও অহা-যোৱাৰ নামত ৰে’লৰ ভিতৰত পাৰ কৰে ২-৩ ঘণ্টা। এনে পৰিস্থিতিত ৰে’লৰ সৰু সৰু ডবাসমূহেই তেওঁলোকৰ বাবে দ্বিতীয়খন ঘৰ হৈ পৰে।

image 172
ৰে’লৰ ভিতৰত যোগাসনঃ ব্যস্ত সূচীৰ মাজত যাত্ৰাৰ সময়তে যোগাভ্যাস যাত্ৰীৰ 5

নিয়মিত যাত্ৰাৰ সময়তে তেওঁলোকে বন্ধুত্ব স্থাপন কৰে, তাছ খেলি, হাঁহি-কথাৰ আড্ডাৰে ৰে’লৰ ভিতৰৰ বিৰক্তিময় সময়খিনি পাৰ কৰাৰ চেষ্টা কৰে।

এনে সময়তে আন যাত্ৰীৰ সৈতে নিয়মিত ৰে’ল যাত্ৰাৰ অভ্যস্ত সাংবাদিক ৰুচিতা শ্বাহে গ্ৰহণ কৰে এক পৰিকল্পনা। ৰে’ল যাত্ৰাৰ সময়ত যাত্ৰীসকলে যাতে মনৰ লগতে শৰীৰৰো যতন ল’ব পাৰে, তাৰ বাবে ৰে’লযাত্ৰাৰ সেই সময়কণত যোগ সাধনাৰ ব্যৱস্থা কৰাৰ পৰিকল্পনা কৰে ৰুচিতা শ্বাহে।

image 173
ৰে’লৰ ভিতৰত যোগাসনঃ ব্যস্ত সূচীৰ মাজত যাত্ৰাৰ সময়তে যোগাভ্যাস যাত্ৰীৰ 6

সেই পৰিকল্পনাৰে ৰুচিতাই ২০১৭ চনত মুম্বাইৰ ভিতৰত যাত্ৰীসকলক যোগ প্ৰশিক্ষণ দিবলৈ আৰম্ভ কৰে। লাহে লাহে এই এজন ব্যক্তিৰ প্ৰচেষ্টাৰ পূৰ্ণাংগ ৰূপ লয় আৰু এতিয়া ৯৫ শতাংশ ৰে’ল যাত্ৰীয়ে যাত্ৰাৰ সময়তে যোগাসন কৰি আহিছে।

ৰুচিতাই কয়, “মই প্ৰতিদিনে ৰেলত যাত্ৰা কৰিছিলোঁ। অফিচলৈ অহা-যোৱা কৰিছিলোঁ। ৰে’লত আমাৰ এটা গ্ৰুপ আছিল, তাচ খেলিছিল, মজা কৰিছিলোঁ আৰু বহুতো কাম-কাজ কৰিছিলোঁ। এদিন মোৰ মনলৈ আহিল যে আমি ৰেলত ইমানবোৰ কাম কৰো, যোগাসন চেষ্টা নকৰো কিয়।’’

image 174
ৰে’লৰ ভিতৰত যোগাসনঃ ব্যস্ত সূচীৰ মাজত যাত্ৰাৰ সময়তে যোগাভ্যাস যাত্ৰীৰ 7

তেওঁ পুনৰ কয়, “এখন ব্যস্ত পৃথিৱীত, য’ত আমি ৯ ঘণ্টাতকৈ অধিক সময় কাম কৰোঁ আৰু ভ্ৰমণত আৰু দুঘণ্টা বা তাতোকৈ অধিক সময় লাগে, আমাৰ হাতত ব্যায়াম বা যোগাসনৰ বাবে সময় নাথাকে। ৰে’লত অহা-যোৱা কৰা সময়খিনিও আমাৰ স্বাস্থ্যৰ বাবে ব্যৱহাৰ কৰিব পাৰি। এয়াই এই পদক্ষেপৰ আঁৰৰ চিন্তা আছিল।’

পশ্চিম ৰে’লৱেৰ পৰা যথাযথ অনুমতি লোৱাৰ পিছত ২০১৭ চনৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসত আনুষ্ঠানিকভাৱে এই পদক্ষেপ গ্ৰহণ কৰা হয়, য’ত যাত্ৰীসকলে প্ৰথমবাৰৰ বাবে ৰে’লত প্ৰায় ১৫-২০ মিনিট সময় যোগাসন প্ৰদৰ্শন কৰে।

৬ বছৰৰ পাছত শ্বাহে প্ৰতিষ্ঠা কৰা যোগ শিক্ষণ মঞ্চ হিল-ষ্টেচনে এতিয়া পৰিচালনা কৰা এই কাৰ্যসূচীত ডেকা-বুঢ়া ১০০ জনতকৈ অধিক যোগ শিক্ষকে যোগদান কৰিছে।

image 175
ৰে’লৰ ভিতৰত যোগাসনঃ ব্যস্ত সূচীৰ মাজত যাত্ৰাৰ সময়তে যোগাভ্যাস যাত্ৰীৰ 8

৩০-৪৫ জনীয়া শিক্ষকৰ এটা দলে যাত্ৰীসকলৰ সৈতে মিলি মুম্বাইৰ স্থানীয় ৰে’লত আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসত (৮ মাৰ্চ) আৰু আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসত (২১ জুন) যোগাসন কৰে।

ৰুচিতা শ্বাহে কয় যে এতিয়ালৈকে যাত্ৰীসকলৰ পৰা পোৱা সঁহাৰি অবিশ্বাস্য। ৯৫ শতাংশ যাত্ৰীয়ে নিজেই যোগাসনৰ প্ৰতি আকৃষ্ট হৈ আহিছে বুলি মন্তব্য কৰে শ্বাহে।

তেওঁ লগতে কয় ‘আমি এই পদক্ষেপক মুম্বাইত বহু দূৰলৈ বিয়পোৱাৰ উপৰিও দৈনন্দিন ভিত্তিত আৰু দিল্লী আৰু কলকাতাৰ দৰে আন বিভিন্ন চহৰলৈও ৰূপায়ণ কৰিব বিচাৰো।’