শেষকৃত্য সম্পন্ন হ’ল কামপুৰত বানত প্ৰাণ হেৰুওৱা SI সমুজ্বল কাকতিৰ

নিউজ ডেস্কঃ মৃত্যু চিৰন্তন সত্য। তথাপিও মৃত্যু মানেই বিষাদ, হিয়া ভাগি যোৱা যন্ত্ৰণা!

তাতে যদি মৃত্যু হয় আৰক্ষী বিষয়া সমুজ্বল কাকতিৰ দৰে, তেন্তে তেনে মৃত্যু মানি ল’বলৈ সকলোৰে বাবে কঠিন হৈ পৰে।

কামৰুপ জিলাৰ কমলপুৰৰ দিগুণপাৰ লেজাগাঁৱত ঘৰ আছিল অসম আৰক্ষীৰ উপ-পৰিদৰ্শক সমুজ্বল কাকতিৰ।

1 6
শেষকৃত্য সম্পন্ন হ’ল কামপুৰত বানত প্ৰাণ হেৰুওৱা SI সমুজ্বল কাকতিৰ 7

কামপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হিচাপে কৰ্তব্যৰত আছিল তেওঁ।

দেওবাৰে নিশা এটা গোচৰত অভিযুক্ত এজন লোকক বিচাৰি সমুজ্বল কাকতিয়ে আন দুজন কনিষ্টবলক লগত লৈ চলাইছিল অভিযান।

photo1655803336
শেষকৃত্য সম্পন্ন হ’ল কামপুৰত বানত প্ৰাণ হেৰুওৱা SI সমুজ্বল কাকতিৰ 8

কিন্তু সোঁশৰীৰে ওলাই যোৱা আৰক্ষী বিষয়াগৰাকী যে নশ্বৰ দেহ হৈ উভতি আহিব সেয়া কোনেও কল্পনাই কৰিব পৰা নাছিল।

বাৰিষাৰ বলিয়া মানত উটি গৈ কৰ্তব্যৰত অৱস্থাতে অকাল মৃত্যুক সাৱটি লয় এছআই সমুজ্বল কাকতিয়ে। লগতে বানত প্ৰাণ হেৰুৱায় কনিষ্টবল ৰাজীৱ বৰদলৈয়েও।

photo1655803643
শেষকৃত্য সম্পন্ন হ’ল কামপুৰত বানত প্ৰাণ হেৰুওৱা SI সমুজ্বল কাকতিৰ 9

নিশা বানত উটি যোৱা আৰক্ষী দুগৰাকীৰ মৃতদেহ পিছদিনা অৰ্থাৎ সোমবাৰে পুৱা উদ্ধাৰ কৰে এছডিআৰএফ বাহিনীয়ে। তাৰ পিছতে শোকাকুল পৰিৱেশে বিৰাজ কৰে সমগ্ৰ কামপুৰত।

3 3 1
শেষকৃত্য সম্পন্ন হ’ল কামপুৰত বানত প্ৰাণ হেৰুওৱা SI সমুজ্বল কাকতিৰ 10

নিষ্ঠাৰে কৰ্তব্য সম্পাদন কৰি অহা সমুজ্বল কাকতিৰ নশ্বৰ দেহ সোমবাৰে নিশা কমলপুৰৰ বাসগৃহলৈ অনাৰ পিছতে হিয়া ধাকুৰি কান্দে পৰিয়াল আৰু অঞ্চলবাসীয়ে।

P6 1
শেষকৃত্য সম্পন্ন হ’ল কামপুৰত বানত প্ৰাণ হেৰুওৱা SI সমুজ্বল কাকতিৰ 11

দিগুণপাৰ লেজাগাঁৱৰ বাসগৃহতে নিশা আৰক্ষী বিষয়াগৰাকীক শেষ শ্ৰদ্ধা জ্ঞাপন কৰে অঞ্চলবাসী আৰু আৰক্ষী বিষয়াসকলে।

বিধায়ক দিগন্ত কলিতাও উপস্থিত থাকি অন্তিম শ্ৰদ্ধাঞ্জলি জনায় আৰক্ষী বিষয়াগৰাকীক।

photo1655803665
শেষকৃত্য সম্পন্ন হ’ল কামপুৰত বানত প্ৰাণ হেৰুওৱা SI সমুজ্বল কাকতিৰ 12

আনহাতে কমলপুৰতো বান পৰিস্থিতিৰ বাবে ঘৰৰ পৰা প্ৰায় ১০ কিলোমিটাৰ নিলগত অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন কৰা হয় শ্বহীদ এছআই সমুজ্বল কাকতিৰ।

এই সমগ্ৰ সময়খিনিত শোকাকুল পৰিৱেশে বিৰাজ কৰে কমলপুৰত।