অসম

ৰিপুন বৰাৰ পত্ৰৰ প্ৰতি মোৰ ৮০ শতাংশ সমৰ্থন আছে, তেওঁক এচামে বহুত জ্বলালেঃ ৰকিবুল হুছেইন…

ৰিপুন বৰাৰ কংগ্ৰেছ ত্যাগ সন্দৰ্ভত এইবাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিধায়ক ৰকিবুল হুছেইনে।

ৰিপুন বৰাৰ পত্ৰৰ প্ৰতি তেওঁৰ ৮০ শতাংশ সমৰ্থন আছে বুলি মন্তব্য কৰে প্ৰাক্তন মন্ত্ৰী তথা বিৰোধী দলৰ উপ- দলপতি ৰকিবুল হুছেইনে।

তেওঁ কয়-ৰিপুণ বৰাৰ পত্ৰৰ প্ৰতি মোৰ ৮০ শতাংশ সমৰ্থন আছে। ৰিপুণ বৰাই কংগ্ৰেছৰ বাবে বহু ত্যাগ কৰিছিল। কিন্তু মূৰপোলোকা মাৰি পলায়ন কৰাটো ভুল। ৰিপুণ বৰাক এচামে বহুত জ্বলালে। তেওঁ সেয়া সহ্য কৰিব নোৱাৰি পলায়ন কৰিলে। কিন্তু পলায়ন কৰাটো ভুল। যুঁজিব লাগিছিল।’

লগতে তেওঁ কয়- মই দলৰ নিষ্ঠাৱান যুঁজাৰু হোৱাৰ বাবে বহু কথা ৰাজহুৱা কৰিব বিচৰা নাই। দলৰ শৃংখলা মই মানি চলোঁ। ৰিপুণ বৰাৰ দলত্যাগে কংগ্ৰেছক যথেষ্ট ক্ষতি কৰিব। যিসকলে কৈছে ৰিপুণ বৰাৰ দলত্যাগে কোনো ক্ষতি নকৰে সেইসকলে একো নাজানে।

বৰ্তমান ৰমজান মাহ চলি আছে। সেয়ে ৰোজা ৰাখি অলপ দুৰ্বল হৈ আছোঁ। কিন্তু আপোনালোকক পিছতো লগ পায় থাকিম। সময়ত সকলো ক’ম।- ৰকিবুল হুছেইন।

Leave a Reply

Your email address will not be published. Required fields are marked *