নাৰাবাজি কৰা যুৱক অসম আৰক্ষীত নালাগে! কি উদ্দেশ্যৰে এই কথা ক’লে DGP ভাস্কৰজ্যোতি মহন্তই

নিউজ ডেস্ক। নাৰাবাজি কৰা যুৱক অসম আৰক্ষীত নালাগে। – এই মন্তব্য অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তৰ।

অসম আৰক্ষীৰ বিভিন্ন পদৰ বাবে হৈ যোৱা পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ পূৰ্বেই পুনৰ পৰীক্ষা অনুষ্ঠিত কৰাক লৈ ৰাজ্যত তীব্ৰ প্ৰতিবাদ জনাইছিল একাংশ পৰীক্ষাৰ্থীয়ে।

এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি ডিজিপি মহন্তই কয় যে পৰীক্ষাৰ ৰিজাল্ট দিয়াৰ পূৰ্বেই আন বিভাগৰ পৰীক্ষা অনুষ্ঠিত কৰাটো ভুল নহয়।

G1 20
নাৰাবাজি কৰা যুৱক অসম আৰক্ষীত নালাগে! কি উদ্দেশ্যৰে এই কথা ক'লে DGP ভাস্কৰজ্যোতি মহন্তই 2

ডিজিপি মহন্তই কয় যে, ইতিমধ্যে ২৯০০ পৰীক্ষা সম্পন্ন হৈ গৈছে। কিন্তু অতিৰিক্ত বহু পদৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰাটো সঁচা। এইয়া ভুল নহয়।

তেওঁ লগতে কয় যে, অসম আৰক্ষী বিভিন্ন কঠিন পৰিস্থিতিৰ মাজৰে দায়িত্ব সম্পন্ন কৰিবলগা হয়। কেতিয়াবা জংঘলৰ মাজত থাকিব লগা হয়, বহু মাহ ধৰি দৰমহা নহয়। কিন্তু ইয়াৰ বাবে প্ৰতিবাদ কৰিব নেকি? নাৰাবাজি দিয়া যুৱক অসম আৰক্ষীত নালাগে। আসন আৰক্ষীক এনে মানুহে ভিতৰৰ পৰা গেলাই পেলাব।

ডিজিপি ভাস্কৰজ্যোতি মহন্তই কিয় যে, অসম আৰক্ষী এক সংঘবদ্ধ আৰক্ষী। অসম আৰক্ষী অপূৰ্ব। ইয়াত নাৰাবাজি নচলে। যিসকলে ৰিজাল্টৰ বাবে দাবী কৰি আছে, সেয়া সহ্য কৰা নহব।

প্ৰক্ৰিয়া সম্পন্ন হলে ৰিজাল্ট ঘোষণা কৰা হব, কিন্তু ইয়াৰ বাবে দাবী জনাই লাভ নাই বুলিও মন্তব্য কৰে ডিজিপি মহন্তই।

Leave a Comment