অসম

ভাৰত ভূটান সীমান্তত আৰক্ষীৰ সৈতে দুৰ্বৃত্তৰ গুলীয়াগুলী, দুই অপৰাধী নিহত…

গোসাইগাঁৱত আৰক্ষীৰে ভয়ংকৰ সংঘৰ্ষ দুৰ্বৃত্তৰ।

আৰক্ষীৰে সংঘৰ্ষত নিহত দুই অপৰাধী।

নিহত দুয়োজন দুৰ্বৃত্ত উত্তৰ প্ৰদেশৰ আকবৰ বানজাৰা আৰু ছলমান বানজাৰা বুলি জানিব পৰা গৈছে।

আৰক্ষীয়ে দুয়োজন গৰু মাফিয়া আছিল বুলি প্ৰকাশ কৰে।

আৰক্ষীয়ে অভিযান চলাই থকা সময়ত দুৰ্বৃত্তই আৰক্ষীৰ ওপৰত কৰা আক্ৰমণৰ প্ৰত্যুত্তৰ দিওঁতে নিহত হয় দুয়েজন।

লগতে আৰক্ষীয়ে এটা এ কে-৪৭ ৰাইফল, দুটা মেগজিন, ৩৫ জাঁই সক্ৰিয় গুলী উদ্ধাৰ কৰে।

লগতে এই সংঘৰ্ষত চাৰি আৰক্ষী আহত হয় বুলি জানিব পৰা গৈছে।

উল্লেখ্য, গো-মাফিয়া চক্ৰটোৱে দুজন সতীৰ্থক মোকলাবলৈ গুলীচালনা কৰিছিল আৰক্ষীলৈ। পথ প্ৰতিৰোধ কৰি আৰক্ষীৰ অভিযানত বাধা দিয়াৰ লগতে গুলীচালনা কৰিছিল।

দুয়োপক্ষৰ মাজত ১৫ মিনিট ধৰি প্রচণ্ড গুলীয়াগুলী হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *