গীত গাই জুবিন গাৰ্গক জন্মদিনৰ শুভেচ্ছা জনালে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে…

আজি অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ ওপজা দিন।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে বহুতেই জন্মদিনৰ শুভেচ্ছা জনাইছে মৰমৰ শিল্পীগৰাকীক।

বিধায়ক ৰূপজ্যোতি কুৰ্মীয়েও বিশেষ ধৰণে জুবিনক জনাইছে জন্মদিনৰ শুভেচ্ছা।

গীত গাই জুবিন গাৰ্গক জন্মদিনৰ শুভেচ্ছা জনালে বিধায়কগৰাকীয়ে।

কেমেৰাৰ সন্মুখত জুবিনৰ জনপ্ৰিয় গীত ‘মায়াবিনী ৰাতিৰ বুকুত’ শীৰ্ষক গানটো গুনগুনাই বিধায়কগৰাকীয়ে।

লগতে বিধায়কগৰাকীয়ে ফেচবুকত লিখিছে- অসমীয়াৰ আৱেগ, লুইত কণ্ঠ, যুৱ প্ৰজন্মৰ ‘হাৰ্টথ্ৰৱ’, বিশিষ্ট সমাজকৰ্মী তথা আমাৰ সকলোৰে হিয়াৰ আমঠু জুবিন দাৰ আজি ৫০ সংখ্যক জন্ম দিনত তেখেতলৈ যাচিছোঁ অলেখ শুভেচ্ছা। নিজৰ কণ্ঠৰ জৰিয়তে প্ৰায় দুটা দশকৰো অধিক কাল সমগ্ৰ অসমৰ‌ লগতে দেশ-বিদেশৰ অসংখ্য অনুৰাগীক মন্ত্ৰমুগ্ধ কৰি অহা মহান শিল্পী গৰাকীৰ আজি জন্মদিনত সু-স্বাস্থ্যৰ লগতে দীৰ্ঘায়ু কামনা কৰিছোঁ।