ন্যায় পাবনে..? লেহেমীয়া বিচাৰ প্ৰক্ৰিয়াক লৈ আশাহত নীল-অভিৰ পৰিয়াল…

দেশ কঁপোৱা অভি-নীল হত্যাকাণ্ডই পাৰ কৰিলে চাৰিটাকৈ বছৰ।

ন্যায়ৰ অপেক্ষাত আজিও আশাৰে বাট চাইছে অভি-নীলৰ পৰিয়ালে।

কিন্তু সময় বাগৰাৰ লগে লগে অভি-নীলৰ হত্যাকাণ্ডৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়াক লৈ হতাশ হৈ পৰিছে দুয়োটা পৰিয়াল।

কিয়নো ৭১জন সাক্ষী থকা গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়া ব্যাপক লেহেমীয়া গতিত চলা দেখিবলৈ পোৱা গৈছে।

মঙলবাৰে নগাঁও সত্ৰ ন্যায়াধীশৰ আদালতত সংবাদ মাধ্যমৰ সন্মুখত চৰম ক্ষোভ প্ৰকাশ কৰে নীলোৎপল দাসৰ পিতৃয়ে কয়, ৪মাহত মাত্ৰ ৪টা শুনানি হৈছে। ৪বছৰ ধৰি গোচৰটোৰ সমিধানৰ আশাত ৰৈ আছো। কিন্তু ইয়াৰ অন্তৰালত কি ৰহস্য আছে সেয়া অতি চিন্তাজনক। চৰকাৰ, দল-সংগঠন, মহামান্য আদালত সকলোকে আমাৰ অনুৰোধ শীঘ্ৰে গোচৰটোৰ সমিধান দিয়ক। 

ইপিনে, বিপক্ষৰ অধিবক্তাই গোচৰটোৰ সাক্ষ্য গ্ৰহণত বিলম্ব কৰাৰো অভিযোগ উঠিছে।

উল্লেখযোগ্য যে, ৪ বছৰত ৭০জন সাক্ষীৰ সাক্ষ্য গ্ৰহণ কৰাৰ বিপৰীতে এতিয়াও এজন সাক্ষীৰ সাক্ষ্য গ্ৰহণ কৰিবলৈ বাকী।

উল্লেখ্য যে, ২০১৮ চনৰ ৯ জুনত কাৰ্বিআংলং জিলাৰ কাংথেলাঞ্চু জলপ্ৰপাতৰ সৌন্দৰ্য্য উপভোগ কৰিবলৈ গৈ দুৰ্বৃত্তৰ আক্ৰমণত মৃত্যুক সাৱতি লৈছিল নীলোৎপল দাস আৰু অভিজিত নাথে।

মৃত্য়ুৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া দ্ৰুত আদালতত চলোৱাৰ দাবী জনাইছিল সকলোৱে।