ৰাসৰ আনন্দৰ মাজতে অঘটন! অস্থায়ী বিপণীত চাওমিন খোৱাৰ পাছতেই অসুস্থ হৈ মৃত্যু কিশোৰীৰ…

ৰাসৰ আনন্দৰ মাজতে নলবাৰীত অঘটন।

খাদ্যত বিষক্ৰিয়া হৈ এগৰাকী কিশোৰীৰ মৃত্যু।

অস্থায়ী বিপণীত চাওমিন খোৱাৰ পাছতেই অসুস্থ হৈ মৃত্যু কিশোৰীৰ।

বুধবাৰে নিশা ৰাসত চাওমিন খাইছিল কিশোৰীগৰাকীয়ে।

মৃত্যু কিশোৰীগৰাকী নাজমিন চুলতানা বুলি জানিব পৰা গৈছে।

নলবাৰী–বৰমা ৰোডৰ মেৰাজুল হকৰ বাৰ বছৰীয়া কন্যা নাজমিন।

জানিব পৰা মতে, বুধবাৰে নিশা নলবাৰী ৰাসত ককাকৰ লগত ৰাস চাবলৈ গৈ এখন অস্থায়ী বিপণীত চাওমিন গ্ৰহণ কৰি অসুস্থ হৈ পৰে কিশোৰীগৰাকী।

ইয়াৰ পিছতে চিকিৎসালয়তে মৃত্যু হয় নাজমিন চুলতানাৰ।

এই শোকাৱহ ঘটনাৰ পিছতে সমগ্ৰ অঞ্চলটোত পৰিছে এক শোকৰ ছাঁ।