আৰক্ষী অধীক্ষক ৰাজামোহন ৰায়ৰ আত্মসমৰ্পণ।
চি আই ডিৰ কাৰ্যালয়ত আত্মসমৰ্পণ দৰঙৰ নিলম্বিত আৰক্ষী অধীক্ষক গৰাকীৰ।
বিগত তিনিদিন ধৰি পলায়ন কৰি আছিল নিলম্বিত আৰক্ষী অধীক্ষক ৰাজামোহন ৰায়।
ধূলাৰ আৰতী তুৰী হত্যাকাণ্ডক বিপথে পৰিচালিত কৰাৰ প্ৰসংগত নাম সাঙোৰ খাই পৰিছিল আৰক্ষী অধীক্ষক ৰাজমোহন ৰায়ৰ।
উল্লেখ্য যে, ৰায়ে অন্তৰ্ৱৰ্তীকালীন জামিনৰ বাবে আৱেদন জনাইছিল যদিও বুধবাৰে উচ্চ ন্যায়ালয়ে তেওঁৰ আৱেদন খাৰিজ কৰে। পিছত উপায়হীন ৰাজামোহন ৰায়ে আজি আত্মসমৰ্পণ কৰে।
মুখ্যমন্ত্ৰীৰ নির্দেশ মৰ্মে বনকৰা কিশোৰী আৰতী তুৰীৰ হত্যাকাণ্ডৰ তদন্তত গাফিলতিৰ অভিযোগত তেওঁক নিলম্বন কৰিছিল।
এই ঘটনাত আৰক্ষীৰ অ’চি উত্পল বৰা, এএছপি ৰূপম ফুকন, তিনিজন চিকিৎসকক ইতিমধ্যে চিআইডিয়ে গ্ৰেপ্তাৰ কৰিছে।









