বাধ্যতামূলক হ’ব ৰাজ্যৰ সকলো মাদ্ৰাছাৰ পঞ্জীয়ন, প্ৰতিগৰাকী শিক্ষকৰ পুলিচ ভেৰিফিকেচন বাধ্যতামূলকঃ DGP

মাদ্ৰাছা সন্দৰ্ভত ৰাজ্যত চলি থকা বিতৰ্কৰ মাজতে পুনৰ মাদ্ৰাছাক লৈ গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই।

‘বাধ্যতামূলক হ’ব ৰাজ্যৰ সকলো মাদ্ৰাছাৰ পঞ্জীয়ন।’

‘১ ডিচেম্বৰৰ ভিতৰত দাখিল কৰিব লাগিব নিৰ্দিষ্ট প্ৰ-পত্ৰ।’

‘পঞ্জীয়নৰ বাবে ন্যূনতম ১০০ জন ছাত্ৰ থকাটো বাধ্যতামূলক।’

‘মাদ্ৰাছাৰ প্ৰতিগৰাকী শিক্ষকৰ বাধ্যতামূলক হ’ব পুলিচ ভেৰিফিকেচন।’

‘প্ৰতি তিনিকিলোমিটাৰত থাকিব কেৱল এখন মাদ্ৰাছা।

ভৱিষ্যতে যাতে কোনো মাদ্ৰাছাৰ আলম লৈ অসমত জেহাদী সোমাব নোৱাৰে তাৰ বাবে অসম আৰক্ষী কঠোৰ হ’ব বুলিও মন্তব্য কৰে DGP ভাস্কৰজ্যোতি মহন্তই।